অসম

assam

মিজো দুৰ্বৃত্তৰ গুলীচালনা: মাজুলীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

By

Published : Jul 29, 2021, 9:13 PM IST

অসম-মিজোৰাম সীমান্তত সোমবাৰে মিজো দুৰ্বৃত্তৰ গুলীচালনাত 6 জন আৰক্ষীৰ জোৱান নিহত হয় ৷ মিজো আৰক্ষী তথা মিজো দুৰ্বৃত্তৰ এই আক্ৰমণৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিভিন্ন দল-সংগঠনে এই ঘটনাক ধিক্কাৰ দিয়াৰ চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই প্ৰতিবাদ অব্যাহত ৰাখিছে ৷

AJYCP PROTEST AT MAJULI AGAINST MIZO FIRING
মিজো দুৰ্বৃত্তৰ গুলীচালনা: মাজুলীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

মাজুলী, 29 জুলাই :অসম-মিজোৰাম সীমান্ত (Assam Mizoram Border)ত মিজো দুৰ্বৃত্তই অসম আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰাৰ ঘটনাৰ বিৰুদ্ধে উত্তাল হৈ আছে ৰাজ্য ৷ মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ এই আক্ৰমণক গৰিহণা জনাই বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP)ৰ মাজুলী জিলা সমিতিয়ে পূৱ মাজুলী আঞ্চলিক সমিতিৰ সহযোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে অসম আৰু মিজোৰামৰ মাজৰ সীমা সমস্যা দূৰ কৰাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ একেবাৰে ব্যৰ্থ হোৱাৰ অভিযোগ কৰি বিজেপি চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায় আদি চৰকাৰ বিৰোধী শ্ল‘গানেৰে ধ্বনিৰে চৌদিশ উত্তাল কৰি তোলে ৷ প্রতিবাদকাৰীসকলে গৃহমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদস্যসকলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক শীঘ্ৰে সীমান্ত সমস্যা সমাধানৰ আহ্বান জনায় ৷ প্ৰতিবাদকাৰীসকলে লগতে চৰকাৰক আৰু কিমানজন অসমীয়াৰ প্ৰাণ গ'লে অসমৰ সীমা সমস্যা দূৰ হ'ব বুলি প্ৰশ্ন উত্থাপন কৰে ৷ তেওঁলোকে লগতে চৰকাৰে শীঘ্ৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজ্যজুৰি আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

উল্লেখ্য যে, সোমবাৰে অসম-মিজোৰাম সীমান্ত (ASSAM MIZORAM BORDER)ৰ লাইলাপুৰত অসম আৰক্ষী (ASSAM POLICE)ক লক্ষ্য কৰি মিজো আৰক্ষীয়ে গুলীচালনা কৰাত যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় ৷ মিজো দুৰ্বৃত্তৰ গুলীচালনাৰ ফলত 6 জনকৈ আৰক্ষীৰ জোৱান নিহত হয় ৷ মিজোৰ বেদখল উচ্ছেদ কৰিবলৈ গৈছিল অসম আৰক্ষী ৷

লগতে পঢ়ক :মিজোৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল লখিমপুৰ

ABOUT THE AUTHOR

...view details