মাজুলী, 18 জানুৱাৰী : অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ এফালে শাসকীয় দলে বিভিন্ন আঁচনি ঘোষণা আৰু উন্নয়নমূলক কামৰ জৰিয়তে ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ আনহাতে বিৰোধী ৰাজনৈতিক দল সমূহেও বিভিন্ন নিৰ্বাচনী ৰণকৌশল অৱলম্বন কৰি শাসকীয় দলক শ’লঠেকত পেলোৱাৰো প্ৰয়াস কৰিছে ৷
অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়েও ৰাজ্যজুৰি আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷ সোমবাৰে নৱ গঠিত ৰাজনৈতিক দলটোৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত বজায় নিৰ্বাচনী ৰণডংকা ৷ মাজুলিৰ ৰাজপথত বিশাল বাইক ৰেলী কৰি শক্তি প্ৰদৰ্শন কৰে এজেপিয়ে ৷
উক্ত বাইক ৰেলীত অংশগ্ৰহণ কৰে দলটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক চিত্ত বসুমতাৰী, প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলে তথা এজেপি নেতা শিশুধৰ দলেই ৷