অসম

assam

ETV Bharat / state

Lurinjyoti Gogoi on Big Dam: বলপূৰ্বক নদীবান্ধ নিৰ্মাণ নকৰিবলৈ চৰকাৰক সকীয়নি লুৰীণজ্যোতি গগৈৰ - AJP President Lurinjyoti Gogoi Reacts Over NHPC

মাজুলীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ৷ বলপূৰ্বকভাবে যাতে নদীবান্ধৰ কাম নকৰে তাৰ বাবে চৰকাৰক সকীয়নী প্ৰদান কৰে অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে ৷

Lurinjyoti Gogoi Reacts Over NHPC mega dam
বৃহৎ নদী বান্ধ সন্দৰ্ভত চৰকাৰক সকীয়নি লুৰীণজ্যোতি গগৈৰ

By

Published : Jun 18, 2023, 9:42 PM IST

মাজুলীত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ

মাজুলী, 18 জুন: দেওবাৰে মাজুলীত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ৷ দলৰ সাংগঠনিক কাৰ্যসূচীৰ বাবে মাজুলীত উপস্থিত হৈছে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকী ৷ মাজুলীত উপস্থিত হৈ সাংবাদিকৰে হোৱা মত বিনিময়ত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে নেতাজনে ৷

অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে কয়, ‘‘আমি সাংগঠনিক সম্প্ৰসাৰণৰ কাম-কাজ ইতিমধ্যে আৰম্ভ কৰিছোঁ ৷ বিভিন্ন জিলাত আমাৰ দলীয়, সাংগঠনিক কাম-কাজ চলি আছে ৷’’

মাজুলীত অসম জাতীয় পৰিষদৰ জিলা সমিতিৰ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ অহা নেতাগৰাকীয়ে লগতে কয় যে, পৰৱৰ্তী সময়ত মাজুলীৰ পঞ্চায়ত পৰ্যায়ত, বুথ-ৱাৰ্ড পৰ্যায়ত সংগঠন শক্তিশালী কৰিবলৈ বিভিন্ন পৰিকল্পনা প্ৰস্তত কৰা হৈছে ৷ ইয়াৰ লগে লগে উত্তৰ অসমৰ ধেমাজি, লখিমপুৰ জিলাৰ লগতে উজনি অসমতো সংগঠনিক কাম-কাজ আৰম্ভ হৈছে ৷ সমগ্ৰ অসমতে তৃণমূল পৰ্যায়ত সংগঠন গঢ়ি তুলিবলৈ পৰিকল্পনা প্ৰস্তত কৰিব লাগে, সেই পৰিকল্পনা ইতিমধ্যে প্ৰস্তত কৰা হৈছে বুলি কয় নেতাগৰাকীয়ে ৷

তেওঁ আৰু কয় যে, নতুকৈ গঠন হোৱা দল হিচাবে বিভিন্ন জটিলতা, প্ৰত্যাহ্বান অতিক্ৰম কৰি দলৰ বিভিন্ন কাম-কাজ, জাতীয় বিষয় সমূহত দলৰ স্থিতি শক্তিশালী ৰূপত ৰাইজৰ মাজলৈ লৈ যাবৰ বাবে প্ৰয়াস কৰি থকা হৈছে ৷ জাতীয়তাবোধত বিশ্বাস কৰা সমগ্ৰ অসমৰ প্ৰতিগৰাকী লোকক, অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে এই ৰাজনৈতিক সংগ্ৰামখনৰ প্ৰতি আস্থা থকা প্ৰত্যেকজন লোকক তেওঁ আহ্বান জনায় ৷

‘‘সকলোৱে মনত ধৈৰ্য ৰাখক, মনোবল ৰাখক, সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্তত আমি সংগঠন কৰিম ৷ লগতে আগন্তক দিন সমূহতো পঞ্চায়ত, লোকসভা, বিধানসভা নিৰ্বাচনত ভাল ফলাফল দেখুৱাই অসমৰ ৰাইজক প্ৰকৃত আঞ্চলিকতাবাদ, প্ৰকৃত জাতীয়তাবাদ দিবলৈ অহোপুৰুষাৰ্থ কৰিম ৷ আগন্তক দিনত ৰাইজে তাৰ প্ৰকৃত উমান নিশ্বয়কৈ পাবলৈ সক্ষম হ’ব’’ বুলি কয় গগৈয়ে ৷

আনহাতে নামনি সোৱণশিৰি বৃহৎ নদী বান্ধ সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে কয় যে, এসময়ত বিৰোধিতা কৰা বিজেপি দলে শাসনলৈ আহি এতিয়া বৃহৎ নদী বান্ধ মুকলিকৈ সমৰ্থন কৰিবলৈ লৈছে ৷ এই প্ৰকল্প সমন্ধে পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে বুলি কয় তেওঁ ৷ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ কথা আওকাণ কৰি বলপূৰ্বকভাৱে যাতে নদীবান্ধৰ কাম নকৰে তাৰ বাবে চৰকাৰক সকীয়নী প্ৰদান কৰে অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক:MLA Atul Bora on NHPC : NHPC ক কঠোৰ সকীয়নী দিছপুৰৰ বিধায়ক অতুল বৰাৰ

ABOUT THE AUTHOR

...view details