মাজুলী,16 ডিচেম্বৰ :বান- বিভীষিকাই জুৰুলা কৰা মাজুলীৰ চাপৰি সমূহত এতিয়া কৃষক সকল ব্যস্ত হৈ পৰিছে কৃষি কৰ্মত । বান-গৰাখহনীয়াই প্ৰতিবছৰে তাণ্ডৱ সৃষ্টি কৰা মাজুলীৰ কৰদৈগুৰি অঞ্চলত এতিয়া কৃষি বিপ্লৱৰ সূচনা কৰি পথাৰ দখল কৰা যুৱ কৃষক সকল এতিয়া আনন্দিত ।
উল্লেখযোগ্য যে, অঞ্চলটোৰ কৃষক মুক্তিৰ দুই সদস্য পৱন্ত শইকীয়া আৰু মুনে বানে ধোৱা মৰুময় পথাৰত হাড়ভঙা শ্ৰম কৰি আৰম্ভ কৰিছে কৃষি বিপ্লৱ ৷ যাৰ জৰিয়তে পথাৰ আৰু বজাৰ দলখল কৰাত নামি পৰিছে দুই উদীয়মান যুৱক।
মাজুলীৰ চাপৰিত যুৱকৰ কৃষি বিপ্লৱ এইবেলি দহ বিঘা মাটিত উন্নত মানৰ কবি, বেঙেনা, বিলাহী, জলকীয়া, কেৰেলা, গাজৰ, মূলা, লেচেৰামাহ আদি বিভিন্ন ধৰণৰ পাচলি খেতি কৰিছে ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে গোবৰ সাৰ ব্যৱহাৰ কৰি খেতি কৰিছে তেওঁলোকে । ইপিনে কৃষি বিভাগৰ কোনো সহায় নোলোৱাকৈ তেওঁলোকে নামি পৰিছে কৃষি কাৰ্যত ।
ইতিমধ্যে বজাৰত উলিয়াব পৰা হৈছে পাচলি । শিক্ষিত যুৱকে শাক-পাচলিৰ ফাৰ্ম গঢ়ি তুলিছে নিজা প্ৰচেষ্টাত । তেওঁ লোক নিজে স্বাৱলম্বী হোৱা লগতে নিবনুৱা যুৱক-যুৱতী সকলৰ বাবেও আৰ্দশ স্বৰূপ হৈ পৰিছে । বৰ্তমান অঞ্চলটোৰ সকলো ধৰণৰ শাক-পাচলিৰ খেতিৰ যোগেদি নিজকে স্বাৱলম্বী কৰি তুলিব পৰাৰ লগতে মাজুলীৰ বজাৰখনো দখল কৰিছে তেওঁলোকে ।
লগতে পঢ়কঃ হাগ্ৰামাৰ ভয়ত লিলিত আৱদ্ধ ২২ নৱ নিৰ্বাচিত পাৰিষদ