মাজুলী , 8 ডিচেম্বৰঃৰাজ্যৰ সকলো প্ৰান্তৰ লগতে মুখ্যমন্ত্ৰীৰ সমষ্টি মজুলীটো পৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূপ প্ৰভাৱ ৷ কেব বিৰোধী আন্দোলনত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰ ক্ষেত্ৰত বাধ্য-বাধকতা আৰোপ কৰি শিক্ষামন্ত্ৰীয়ে চাৰ্কুলাৰ জাৰি কৰাৰ পাছদিনাই ৰাজ্য চৰকাৰক অংগুষ্ঠ দেখুৱাই ৰাজপথলৈ ওলাই আহিছিল মাজুলীৰ ছাত্ৰ-ছাত্ৰীসকল ৷ চৰকাৰৰ ফেচিষ্ট শাসনৰ বিৰোধিতা কৰি নিজ সমষ্টিত প্ৰবেশ নিষিদ্ধ কৰাৰ ভাবুকি দিছিল মুখ্যমন্ত্ৰীক ৷ অনুৰূপভাৱে দেওবাৰেও নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসম গণ পৰিষদৰ স্থিতিৰ বিৰুদ্ধ ক্ষোভ উজাৰি সামুহিক পদত্যাগ কৰিলে আঞ্চলিক দলটোৰ বহু সদস্যই ৷
মাজুলীত সামুহিক পদত্যাগ অগপ কৰ্মীৰ - মাজুলীত অগপ কৰ্মীৰ পদত্যাগ
ৰাজ্যত আৰম্ভ হৈছে অগপ কৰ্মীৰ বিক্ষোভ কাৰ্যসূচী ৷ নিজ দলৰে তৃণমূল কৰ্মীৰ ৰোষত পৰিছে অগপৰ মন্ত্ৰী বিধায়ক ৷ মাজুলীত কেব সন্দৰ্ভত অগপৰ স্থিতিত অসন্তুষ্ট হৈ সামুহিক পদত্যাগ কৰিলে অগপ কৰ্মীয়ে ৷
নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ অগপ কৰ্মীৰ