অসম

assam

By

Published : Jul 4, 2021, 7:00 PM IST

ETV Bharat / state

আৰক্ষীৰ সমুখতে কটাৰীৰে আত্মহত্যা কৰাৰ চেষ্টা চলালে বাবুলে

শুকুৰবাৰে, আৰক্ষীৰ এটা দলক দাৰে ঘপিয়াই পলায়ন কৰিছিল বাবুল হাজৰিকা নামৰ লোকজনে ৷ পৰৱৰ্তী সময়ত শনিবাৰে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল পলাতক বাবুলক ৷ শেহতীয়াকৈ দেওবাৰে আৰক্ষীৰ জিম্মাতে এখন কটাৰিৰে আত্মহত্যাৰ চেষ্টা চলায় অভিযুক্ত জনে ৷

accused tried to commit suicide under police custody
এইবাৰ আৰক্ষীৰ জিম্মাতে কটাৰীৰে আত্মহত্যা কৰাৰ চেষ্টা চলালে বাবুলে

মাজুলী , 4 জুলাই :যোৱা শুকুৰবাৰৰ নিশা মাজুলীৰ দেওদিয়াআটী গাঁৱত আৰক্ষীৰ এটা দলক দাৰে ঘপিয়াই পলায়ন কৰিছিল এগৰাকী অভিযুক্ত কেশৱ হাজৰিকা ওৰফে বাবুল হাজৰিকাই ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছিল বাবুলক ৷ পৰৱৰ্তী সময়ত দেওবাৰে আৰক্ষীৰ জিম্মাত থকা অৱস্থাতেই কটাৰীৰে ডিঙি ৰেপি আত্মহত্যাৰ চেষ্টা কৰে অভিযুক্ত জনে ।

আৰক্ষীক আক্ৰমণ কৰা দা খন দেখুৱাই দিয়াৰ চলেৰে দেওবাৰে বাবুলে আৰক্ষীৰ এটা দলক দেওদিয়াটীত থকা নিজা ঘৰলৈ লৈ গৈছিল । এই সময়চোৱাতে সুযোগ বুজি আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে কটাৰীৰে আত্মহত্যাৰ চেষ্টা চলায় । আৰক্ষীয়ে জনোৱা মতে, হাতত হেণ্ডকাফ লাগি থকা অৱস্থাতে বিচনাৰ তলত লুকুৱাই থোৱা এখন কটাৰীৰে ডিঙি ৰেপি আত্মহত্যাৰ চেষ্টা কৰাৰ লগতে পুনৰ এবাৰ আৰক্ষীক আক্ৰমণ কৰে অভিযুক্ত বাবুলে ৷ অৱশ্যে আৰক্ষীৰ তৎপৰতাত বাবুলৰ এই প্ৰচেষ্টা ব্যৰ্থ হয় ৷

উল্লেখ্য যে, মাজুলীৰ দেওদিয়াআটী গাৱঁত শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত গড়মূৰ আৰক্ষী থানা(Garhmur police station)ৰ উপ পৰিদৰ্শক (SI) উৎপল দাস আৰু সহকাৰী উপ-পৰিদৰ্শক (ASI) বিজু হাজৰিকাৰ নেতৃত্বত এটা দলে অভিযুক্ত কেশৱ হাজৰিকা ওৰফে বাবুল হাজৰিকাক মাটি-বাৰী সম্পৰ্কীয় এটা গোচৰৰ ভিত্তিত আটক কৰিবলৈ গৈছিল ।

এইবাৰ আৰক্ষীৰ জিম্মাতে কটাৰীৰে আত্মহত্যা কৰাৰ চেষ্টা চলালে বাবুলে

কিন্তু, দুৱাৰমুখতে কেশৱ হাজৰিকা ওৰফে বাবুল হাজৰিকাই আৰক্ষী দলটোক দাৰে অতৰ্কিতে আক্ৰমণ কৰে । জানিব পৰা মতে , ৪২/২০২০ নম্বৰত গড়মূৰ আৰক্ষী থানাত বাবুল হাজৰিকাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল । এই গোচৰৰ ভিত্তিত শুকুৰবাৰে গড়মূৰ থানাৰ আৰক্ষীৰ এটা দল অভিযুক্ত হাজৰিকাক কৰায়ত্ব কৰিবলৈ গৈছিল । বাবুল হাজৰিকাৰ ঘৰত আৰক্ষী উপস্থিত হওঁতেই অভিযুক্তই সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড ।

অভিযুক্ত বাবুল হাজৰিকাৰ এই আক্ৰমণত চাৰিজনকৈ আৰক্ষী বাহিনীৰ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ইয়াৰ পিছতেই আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় অভিযুক্ত লোকজন । ইফালে, আহত আৰক্ষী কেইজনক ততাতৈয়াকৈ গড়মূৰ পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় যদিও ইয়াৰে দুজনক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ।

আনহাতে, জিলাখনৰ উপ আৰক্ষী অধীক্ষক(additional sp) শান্তনু দত্তৰ নেতৃত্বত যোৱা এটা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী (CRPF)ৰ দলে কেশৱ হাজৰিকাক বিচাৰি অভিযান চলাই পুবা ৯ মান বজাত ধৰিবলৈ সক্ষম হয় । এই ঘটনাত আহত হৈছিল ক্ৰমে উপ-পৰিদৰ্শক উৎপল দাস, সহকাৰী উপ-পৰিদৰ্শক বিজু হাজৰিকা, আৰক্ষী জোৱান মৃদুল দাস, গৃহৰক্ষী বাহিনীৰ জোৱান(Home Guard ) ৰূপক মিলি আৰু ৰাজেন মেধিৰ লগতে বেটেলিয়ানৰ জোৱান পাপু শইকীয়া ৷

লগতে পঢ়ক :অইলৰ নিযুক্তিত 4 জিলাৰ প্ৰাৰ্থীক প্ৰাধান্য: আলফা(স্বা)ৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details