মাজুলী, 11 মে’ :পুনৰবাৰচৰ্চালৈ আহিছে এচ আই জোনমণি ৰাভা (SI Jonmani Rava) ৷ এইবাৰ চৰ্চালৈ আহিছে অভিযোগ-প্ৰতি অভিযোগৰ বাবে । হয়, ভাবী স্বামীক প্ৰৱঞ্চনাৰ গোচৰত আটক কৰি বহুজনৰ প্ৰশংসা লাভ কৰা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ বিৰুদ্ধে এইবাৰ উঠিছে অভিযোগৰ আঙুলি ৷
নগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত জোনমণি ৰাভাই কিছুদিন পূৰ্বে ভাবী স্বামী ৰাণা পগাগক প্ৰৱঞ্চনাৰ গোচৰত আটক কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল (Fake ONGC officer cheats SI Jonmoni Rava) । কিন্তু নিজকে ধোৱা তুলসীৰ পাত সজাব বিচৰা আৰক্ষী বিষয়াগৰাকীৰ কিছু কাণ্ডই বৰ্তমান হতচকিত কৰি তুলিছে সকলোকে ।
জোনমণি ৰাভাৰ বিৰুদ্ধে ভাবী স্বামীৰ হৈ ধন সংগ্ৰহৰ অভিযোগ পূৰ্বে ভাবী স্বামী ৰাণা পগাগৰ প্ৰৱঞ্চনাৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰিছিল আৰক্ষী বিষয়াগৰাকীয়ে ৷ কিন্তু এই প্ৰৱঞ্চনাৰ বিষয়ে জোনমণি ৰাভাই যে পূৰ্বৰ পৰাই জ্ঞাত আছিল, সেই কথা শেহতীয়াকৈ পোহৰলৈ আহিছে । অভিযোগ অনুসৰি, সম্প্ৰতি কাৰাবন্দী ৰাণা পগাগক মাজুলীৰ একাংশ লোকৰ সৈতে আৰক্ষী বিষয়া ৰাভাই ONGC ৰ বিষয়া বুলি চিনাকী কৰাই দিছিল ৷
কেৱল চিনাকী কৰাই দিয়াই নহয়, ঠিকা প্ৰদানৰ প্ৰলোভনেৰে ৰাণাৰ যোগেদি লাখে লাখে টকা আত্মসাত কৰাৰো অভিযোগ উত্থাপন হৈছে আৰক্ষী বিষয়া ৰাভাৰ বিৰুদ্ধে (SI Jonmani Rava accused of raising money) । সমান্তৰালকৈ মাজুলীৰ দুই ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মা আৰু অজিত বৰাৰ পৰা ক্ৰমে 49 লাখ 48 হাজাৰ আৰু 13 লাখ 72 হাজাৰ টকা প্ৰৱঞ্চনাৰে নিয়াৰ অভিযোগত ৰাণা পগাগৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 20/22,21/22 US-120B/170/406/419/420/468/471/472 নম্বৰত ৰুজু কৰা হৈছে এক গোচৰ ৷
লেডী সিংঘম জোনমণি ৰাভাৰ বিৰুদ্ধে ভাবী স্বামীৰ হৈ লক্ষাধিক ধন সংগ্ৰহৰ অভিযোগ লগতে সহযোগী জোনমণি ৰাভাৰ বিৰুদ্ধেও বহু আপত্তিজনক অভিযোগ আনিছে মাজুলীৰ দুই ব্যৱসায়ীয়ে ৷ এই অভিযোগৰ পাচতে নিজকে নিৰ্দোষী সজাই দীৰ্ঘদিনে ভাবী স্বামীয়ে বিভিন্ন লোকক ঠিকাৰ প্ৰলোভনেৰে ধন সৰকাই নিয়াৰ বিষয়ত অজ্ঞাত বুলি কোৱা আৰক্ষী বিষয়াগৰাকীৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে ।
ইতিপূৰ্বে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা এইগৰাকী আৰক্ষী বিষয়াই প্ৰৱঞ্চক ৰাণাৰ সহযোগী হিচাপে মাজুলীত কোনো লোকৰ পৰা কৌশলেৰে ধন সংগ্ৰহৰ অভিসন্ধি ৰচনা কৰিছিল নেকি, সেয়াও আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ অহাৰ সম্ভাৱনা আছে । ইফালে ৰাভাৰ একাউণ্টত ধনৰ লেনদেনৰ অভিযোগে বিষয়টোক অধিক ৰহস্যময় কৰি তুলিছে ।
লগতে পঢ়ক :আৰক্ষী বিষয়াৰ স্বামী হ'ব বিচাৰিছিল.. কিন্তু হ'লগৈ ৰঙাঘৰৰ আলহী