মাজুলী,13 অক্টোবৰ:চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা ৷ মাজুলীত আছুৰ কৰ্মকৰ্তাসকলে সাব্যস্ত কৰে তীব্র প্রতিবাদ ৷ ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু টি.কে কোম্পানীক মাজুলীৰ সুৰক্ষাৰ সন্দৰ্ভত চৰকাৰে যি দায়িত্ব দিছিল সেয়া পালনত ব্যৰ্থ হৈছে দুয়োটা কোম্পানী ৷ এই অভিযোগ উত্থাপন কৰিছে আছুৰ কৰ্মকৰ্তা সকলে ৷
মাজুলীত আছুৰ প্ৰতিবাদ - ব্ৰহ্মপুত্ৰ ব’ৰ্ড
ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু টি.কে কোম্পানীক মাজুলীৰ সুৰক্ষাৰ সন্দৰ্ভত চৰকাৰে যি দায়িত্ব অৰ্পণ কৰিছিল, সেয়া পালনত ব্যৰ্থ হৈছে কোম্পানী দুটা ৷ এই অভিযোগ উত্থাপন কৰিছে মাজুলী আছুৰ কৰ্মকৰ্তা সকলে ৷
মাজুলীত আছুৰ প্ৰতিবাদ
উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধ্যক্ষৰ পুত্তলিকা দাহ কৰি বিভিন্ন শ্লোগানেৰে তীব্র প্রতিবাদ সাব্যস্ত কৰে মধ্য মাজুলী-কমলাবাৰী ছাত্র সন্থাৰ কৰ্মকৰ্তাসকলে ৷ তদুপৰি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কৰ্মকৰ্তাসকলে শীঘ্ৰে বান তথা খহনীয়া সমস্যা সমাধান কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷