মাজুলী, 30 ছেপ্টেম্বৰ:নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ 2 নং টানেলৰ ওপৰেদি হোৰা-হোৰে পানী বাগৰাৰ পাছত নদীবান্ধৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবীত উত্তাল হৈ পৰিছে ৰাজ্য ৷ শুকুৰবাৰে মাজুলীৰ জিলা সদৰ গড়মূৰত মাজুলী জিলা আছুৱে নদীবান্ধৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Protest against Subansiri lower dam) ৷ মাজুলী জিলা ছাত্ৰ সন্থাৰ প্ৰায় শতাধিক সদস্যই এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে (AASU Protest at Majuli) ।
প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষক নদীবান্ধৰ নিৰ্মাণৰ কাম বন্ধ কৰাৰ বাবে সকিয়াই দিয়ে ৷ মাজুলী জিলা আছুৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মাই কয় যে, মাজুলী, ধেমাজি, লখিমপুৰ আদিকে ধৰি উত্তৰ অসমৰ লক্ষ লক্ষ জনতাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বৃহৎ নদীবান্ধ বন্ধ কৰিবই লাগিব ।