অসম

assam

ETV Bharat / state

Samujjal Kumar Bhattacharya on Jihadi : জেহাদী-মৌলবাদীক ৰক্ষণাবেক্ষণ দিছে অবৈধ বাংলাদেশীয়ে ! - মাজুলী সাংস্কৃতিক মহাবিদ্যালয়

মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্য অভিনন্দন অনুষ্ঠান ৷ অনুষ্ঠানত উপস্থিত থাকি আছুৰ মুুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অবৈধ বাংলাদেশীয়ে অল কায়দা, জেহাদী আৰু মৌলবাদীক ৰক্ষণাবেক্ষণ দিছে বুলি উল্লেখ কৰে ৷ তেওঁ লগতে বান-গৰাখহনীয়া সমস্যা সমাধানৰ বাবে বগীবিল দলঙত ব্যৱহাৰ কৰা বৈজ্ঞানিক পদ্ধতিৰে মথাউৰি বনোৱাৰ বাবে আহ্বান জনায় ৷

Congratulations ceremony by AASU
হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীক আছুৰ অভিনন্দন

By

Published : Aug 11, 2022, 10:07 AM IST

মাজুলী, 11 আগষ্ট: মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বুধবাৰে মাজুলীৰ মিলন সংঘত 2022 বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্য এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয় (Congratulations ceremony by AASU) ৷ অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য (AASU Chief Advisor Samujjal Kumar Bhattacharya) ।

আছুৰ মুুখ্য উপদেষ্টাগৰাকীয়ে সাংবাদিকৰ আগত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ অসমৰ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধানৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷ এই ক্ষেত্ৰত তেওঁ বগীবিল দলঙত বনাবলৈ বনোৱা বান্ধৰ দৰে বৈজ্ঞানিক পদ্ধতিৰে মথাউৰি নিৰ্মাণৰ কথা ব্যক্ত কৰে ৷

সদৌ অসম ছাত্ৰ সন্থাৰ মুুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

তেওঁ মাজুলীৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা ল’বলৈ দাবী জনাই অহা হৈছে যদিও এতিয়ালৈকে একো হোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে ৷ অসমৰ বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ ভূমিকা ল’ব লাগিব বুলি কয় নেতাগৰাকীয়ে ।

মাজুলী সাংস্কৃতিক মহাবিদ্যালয়ৰ দুটাকৈ বিভাগ বন্ধ কৰি দিয়াকলৈও ক্ষোভ প্ৰকাশ কৰে আছুৰ মুুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । তেওঁ সোনকালে পুঁজি মোকলাই বিভাগকেইটা পুনৰ আৰম্ভ কৰিবলৈ চৰকাৰক আহ্বান জনায় । সমান্তৰালকৈ তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী মাধ্যমত পঢ়ুৱাবলৈ লোৱাটো মাতৃভাষা হত্যা কৰাৰ চেষ্টা বুলি কোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে আন্দোলন কৰাৰ কথা উল্লেখ কৰে (Samujjal Kumar Bhattacharya on New Education Policy) ।

তেওঁ লগতে অহা ১৭ আগষ্টৰ পৰা সমগ্ৰ উত্তৰ পূৰ্বতে কা বাতিল কৰাৰ লগতে সীমা ছীল কৰাকে ধৰি বিভিন্ন দাবীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে ৷ তেওঁ কয় যে, অসমৰ ৰাইজে কা মনা নাই আৰু নামানে । অসম আৰু উত্তৰ পূৰ্বাঞ্চল অবৈধ বিদেশীৰ চৰণীয়া পথাৰ নহয় । গতিকে কোনো অবৈধ লোককে অসম আৰু উত্তৰ পূৰ্বাঞ্চলে নাৰাখে ।

আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে লগতে কয় যে, অসম আন্দোলনত অসমৰ ৰাইজ আৰু সদৌ অসম ছাত্ৰ সন্থাই কৈ অহা প্ৰতিটো কথা আজি এটা এটাকৈ সঁচা প্ৰমাণিত হৈছে ৷ অসমত অবৈধ বাংলাদেশীৰ সমান্তৰালকৈ জেহাদী মৌলবাদীৰ তৎপৰতা চলি আছে(AASU Chief Advisor Samujjal Kumar Bhattacharya reaction on Jihadi) ৷

অসম চুক্তিখন কাৰ্যকৰী নকৰা বাবে অসমত অবৈধ বিদেশীৰ দপদপনি আৰু মৌলবাদী শক্তিয়ে গা কৰি উঠিবলৈ সক্ষম হৈছে তেওঁ উল্লেখ কৰে । তেওঁ লগতে অবৈধ বাংলাদেশীয়ে অল কাইদা, জেহাদী আৰু মৌলবাদীক ৰক্ষণাবেক্ষণ দিছে বুলিও সদৰী কৰে ৷ তেওঁ অসম চৰকাৰক অসমৰ মাটিৰ পৰা অবৈধ বিদেশী আৰু এনেবোৰ অপশক্তিক পুলিয়ে-পোখাই সোনকালে উৎখাত কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক :Har Ghar Tiranga Abhiyan: বিশিষ্ট ব্যক্তি, ৰাজনীতিক, সাংবাদিকক জাতীয় পতাকা উপহাৰ মুখ্যমন্ত্ৰীৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details