মাজুলী, 24 চেপ্তেম্বৰ:জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মাজুলীত উজনি মাজুলীৰ বিদ্যুৎ যোগান বিভাগৰ কাৰ্যালয় ঘেৰাও ৷ ঘন্টাজোৰা বিদ্যুত সেৱা কৰ্তনৰ ফলত দীৰ্ঘদিন ধৰি চৰম হাৰাশাস্তি ভোগ কৰি অহা ৰাইজে বিভাগৰ কোনো কাণসাৰ নোহোৱাৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ লবলৈ বাধ্য হৈ পৰে ৷ 24 ঘন্টাৰ ভিতৰত বিভাগৰ যি সমূহ যান্ত্ৰিক বিজুতি আছে সকলোবোৰ বিষয় তদন্ত কৰি দোষী বিষয়াৰ ওপৰত সোনকালে উচিত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰতিবাদকাৰীসকলে আহ্বান জনায় ৷
প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা অনুসৰি উজনি মাজুলীস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়টোত বিগত বহু দিনৰ পৰা এক অৰাজক পৰিস্থিতি উদ্ভৱ হৈ আছে যাৰ বাবে সাধাৰণ জনতাই চৰম হাৰাশাস্তি ভুগিব লগীয়া হৈছে ৷ বিভাগটোৰ গাফিলতিৰ বাবে বৰ্তমান সময়ত শিক্ষাৰ্থী সকলকে ধৰি সাধাৰণ জনসাধাৰণে বিদ্যুৎৰ বাবে হাহাকাৰ কৰি থাকিব লগীয়া হৈছে ৷ এই সমস্যাসমূহক লৈ ছাত্ৰ সন্থাই বহুবাৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি সমস্যা সমাধানৰ বাবে জনাই আহিছিল যদিও বিভাগটোৱে কোনো গুৰুত্ত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে ছাত্ৰ সন্থা ।