অসম

assam

ETV Bharat / state

তেজস্বিতাৰ গৃহত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা

শনিবাৰে শিশু কণ্ঠশিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই (Sankar Jyoti Baruah in Tejaswitas home) এগৰাকী প্ৰতিভাৱন কণ্ঠশিল্পী স্বাস্থ্য বিভাগৰ হেমাহি বাবে অকালতে হেৰাই যোৱা ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৷

AASU General secretary Sankar Jyoti Baruah in Tejaswitas home
তেজস্বিতাৰ গৃহত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা

By

Published : Oct 8, 2022, 10:39 PM IST

মাজুলী, 8 অক্টোবৰ:মাজুলীৰ শিশু কণ্ঠশিল্পী(Child artist Tejaswita Baruah of Majuli) তেজস্বিতা বৰুৱাৰ অকাল মৃত্যুক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে (Reaction on death of Tejaswita Baruah) ৷ ইয়াৰ মাজতে শনিবাৰে শিশু কণ্ঠশিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হয় আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা (Sankar Jyoti Baruah in Tejaswitas home) ৷

তেজস্বিতা বৰুৱাৰ বাসগৃহত তেজস্বিতা বৰুৱাৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে ঘৰখনত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয় । কান্দোনত ভাগি পৰে সকলো ৷ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই (AASU General secretary Sankar Jyoti Baruah) তেজস্বিতা বৰুৱাৰ মৃত্যু সন্দৰ্ভত মন্তব্য কৰি অক্সিজেনৰ অভাৱত এগৰাকী কণমানিৰ মৃত্যু হোৱাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৷

তেজস্বিতাৰ গৃহত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা

লগতে ক’ৰোনা মহামাৰীৰ এই ভয়াবহ সময়ত অক্সিজেনৰ নাটনি হোৱাতো আচৰিত কথা বুলি উল্লেখ কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে৷ ইয়াৰ লগতে মাজুলীৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে যি ব্যৱস্থা ল’ব লাগিছিল সেয়া আজি পৰ্যন্ত নল’লে বুলি কয় ছাত্ৰ নেতাগৰাকী ৷

উল্লেখ্য যে, বুধবাৰে মাজুলীৰ প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ (Singer Tejaswita Baruah) মাজুলীৰ গড়মূৰ জিলা চিকিৎসালয়ত মৃত্যু হয়(Garmur District Civil Hospital)৷ চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে অক্সিজেনৰ অভাৱত তেজস্বিৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হোৱাত সম্প্ৰতি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Majuli Tejaswita Baruah Death) ৷

লগতে পঢ়ক:তেজস্বিতাৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ

ABOUT THE AUTHOR

...view details