অসম

assam

ETV Bharat / state

CAAৰ বিৰোধিতাৰে আক্ৰাছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন - সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ শ্বহীদ দিৱস

মঙলবাৰে সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই পালন কৰে শ্বহীদ দিৱস ৷ নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ বিৰোধিতাৰে প্ৰথমবাৰৰ বাবে মাজুলীত কেন্দ্ৰীয়ভাৱে পালন কৰে শ্বহীদ দিৱস ৷

আক্ৰাছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন
আক্ৰাছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন

By

Published : Jan 7, 2020, 10:17 PM IST

মাজুলী, 7 জানুৱাৰীঃপোনপ্ৰথমবাৰৰ বাবে মাজুলীত আক্ৰাছুৱে পালন কৰিলে শ্বহীদ দিৱস ৷ মঙলবাৰে কোঁচ ৰাজবংশীসকলৰ ছাত্ৰ সংগঠনটোৱে মাজুলী জিলা সদৰ গড়মূৰৰ সৰু সত্ৰত এইদৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰে সংগঠনটোৰ শ্বহীদ দিৱস ৷ মাজুলী আৰু লক্ষীমপুৰ জিলাৰ উদ্যোগত অনুষ্ঠিত শ্বহীদ দিৱসত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জনগোষ্ঠীটোৰ বহুটো প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷ বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা জ্ঞাপনেৰে অনুষ্ঠানৰ শুভাৰম্ভনি হয় ৷

আক্ৰাছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন

অনুষ্ঠানৰ দ্বাৰাই সংগঠনটোৱে কোঁচ ৰাজবংশীসকলৰ শীঘ্ৰেই জনজাতিকৰণ কৰিবলৈ চৰকাৰক দাবী জনায় ৷ ইয়াৰ উপৰিও নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ প্ৰৱল বিৰোধিতা কৰে আক্ৰাছুৱে ৷ কোঁচ ৰাজবংশীসকলৰ সমস্যাৰ শীঘ্ৰেই সমাধান নকৰিলে অনাগত 2021ৰ নিৰ্বাচনত চৰকাৰখনে ইয়াৰ উচিত প্ৰত্য়ুত্তৰ লাভ কৰিব বুলিও আক্ৰাছুৰ প্ৰতিনিধিয়ে উল্লেখ কৰে ৷

ABOUT THE AUTHOR

...view details