অসম

assam

ETV Bharat / state

মঙলবাৰে মাজুলীত অমংগল, ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত জপিয়ালে যুৱকে - A yoth in Majuli jumps into Brahmaputra

মাজুলীত মহাবাহুৰ বুকুত সংঘটিত হয় দুটাকৈ অঘটন ৷ মঙলবাৰে ব্ৰহ্মপুত্ৰত জপিয়াই এজন যুৱকে (A youth jumps into Brahmaputra from ferry)৷ কিন্তু কি কাৰণে যুৱকজনে এনেদৰে জপিয়াই, সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ তদুপৰি পুৱা প্ৰায় 8.30 বজাত ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ হৈ ৰয় এখন ৰ’পেক্স জাহাজ ৷

young-man-jumps-on-brahmaputra-at-nimati-majuli
ব্ৰহ্মপুত্ৰৰ বুকুত জপিয়ালে যুৱকে

By

Published : Apr 5, 2022, 1:54 PM IST

মাজুলী, 5 এপ্ৰিল : মঙলবাৰে মাজুলীত মহাবাহুৰ বুকুত সংঘটিত হয় দুটাকৈ অঘটন ৷ নিমাতীৰ পৰা কমলাবাৰী ঘাট অভিমুখী ফেৰীৰ পৰা ভৰা লুইতৰ বুকুত জাপ দিলে এজন যুৱকে (A yoth in Majuli jumps into Brahmaputra)৷ আৰ পি এল ডিগাৰু নামৰ ফেৰীখনৰ পৰা যুৱকজনে ব্ৰহ্মপুত্ৰত জপিওৱা বুলি জানিব পৰা গৈছে ৷

ফেৰীখনত উপস্থিত থকা যাত্ৰী তথা ফেৰী কৰ্মচাৰীৰ তৎপৰতাত যুৱকজনৰ প্ৰাণৰক্ষা পৰে যদিও এই মূহুৰ্তলৈকে যুৱকজনৰ জপিওৱাৰ কাৰণ সন্দৰ্ভত কোনো তথ্য জানিব পৰা হোৱা নাই ৷

ব্ৰহ্মপুত্ৰৰ বুকুত জপিয়ালে যুৱকে

ইফালে, পুৱা প্ৰায় 8.30 বজাত ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ হৈ ৰয় এখন ৰ’পেক্স জাহাজ (Ropex ship stuck in Brahmaputra) ৷ নিমাতীৰ পৰা মাজুলীলৈ অহা জাহাজখন যান্ত্ৰিক বিজুতিৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুতে আৱদ্ধ হৈ পৰে ৷

অৱশেষত এটা চাপৰিত ৰাখি থোৱা হয় এই জাহাজখন ৷ উক্ত ফেৰীখনত প্ৰায় 100 গৰাকী যাত্ৰী, 24 খন বাইক আৰু কেইবাখনো চাৰিচকীয়া বাহন থকা বুলি জানিব পৰা গৈছে ৷

লগতে চাওক:ইন্ধনৰ অভাৱত অচল নিমাতী আৰু মাজুলীৰ চৰকাৰী ফেৰী সেৱা

ABOUT THE AUTHOR

...view details