মাজুলী,5 জুন: এগৰাকী ৪০ ৰ ঊৰ্ধৰ মহিলা ৷ তিনিটাকৈ সন্তানৰ মাতৃ তেখেত,স্বামীৰ মৃত্যুৰ পিছতে সন্তানৰ দায়িত্ব মূৰ পাতি লোৱা মহিলাগৰাকীয়ে কাহিলিপুৱাতে কান্ধত নাঙল-যুঁৱলি লৈ পথাৰলৈ যায় ৷ সময় বৰ নিষ্ঠুৰ, দায়িত্বও বহুত, নিজে যদি কিবা এটা নকৰে তেনেহ'লে কৰোতা কোনো নাই ৷ মহিলাগৰাকী হৈছে মাজুলীৰ মোৱামাৰি মিচিংগাঁৱৰ বাসিন্দা বিদ্যাৱতী পেগু ৷ গ্ৰাম্য সমাজত সদায় পুৰুষে কৰি অহা কামবোৰৰ বিপৰীতে মাজুলীৰ এইগৰাকী মহিলাই পুৰুষৰ সমান্তৰালকৈ সকলো কাম অনায়াসে কৰিব পাৰে ৷ মহিলাগৰাকীৰ কৰ্মৰাজীৰ বিষয়ে প্ৰকাশ পাইছে আমাৰ এই প্ৰতিবেদনত ৷
কান্ধত নাঙল লৈ পথাৰত নামিল মাজুলীৰ বিদ্যাৱতী ! - Etv Bharat
এগৰাকী চল্লিশোৰ্ধৰ মহিলাৰ জীৱন সংগ্ৰামৰ বিষয়ে প্ৰস্তুত কৰা ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ৷ অন্য মহিলাৰ দৰে কটোৱা স্বাভাৱিক জীৱনৰ বিপৰীতে পথাৰত নামি জীৱন সংগ্ৰামত ব্যস্ত হৈছে মাজুলীৰ এই মহিলা গৰাকী ৷
বিদ্যাৱতীৰ জীৱন সংগ্ৰামৰ কাহিনী