মাজুলী, 1 নৱেম্বৰ :মাজুলীৰ চাৰি ৰাজ সত্ৰৰ অন্যতম সত্ৰ হৈছে ঐতিহাসিক আউনিআটী সত্ৰ (Auniati Satra in Majuli) । এই ঐতিহাসিক সত্ৰখনত আছে তুলসীৰ এটা খুটা ৷ যিটো খুটা আজিও পৰ্যটকৰ আকৰ্ষণৰ কেন্দবিন্দু হৈ আছে । যিটো খুটা চাবলৈ আজিও দেশী-বিদেশী পৰ্যটকে ভিৰ কৰেহি মাজুলীৰ ঐতিহাসিক আউনিআটী সত্ৰত (A post of Tulshi wood at Auniati Satra in Majuli has attracted tourist) ৷
পৰ্যটকৰ আকৰ্ষণৰ কেন্দবিন্দু আউনিআটী সত্ৰৰ এটা বিশেষ খুটা জানিব পৰা মতে, ঐতিহাসিক আউনিআটী সত্ৰৰ দ্বিতীয়গৰাকী সত্ৰাধিকাৰ কেশৱ দেৱ গোস্বামীয়ে সপোনত দেখিছিল যে ঐতিহাসিক সত্ৰখনৰ কাৰণে ব্ৰহ্মপুত্ৰ নদীত এডাল তুলসীৰ খুটা উটি আহিছে । এই সপোনৰ কথা সত্ৰাধিকাৰগৰাকীয়ে সত্ৰৰ সকলো ভকত বৈষ্ণৱক একত্ৰিত কৰি অৱগত কৰিছিল ।
সেই সময়ত সকলো ভকত বৈষ্ণৱ সত্ৰাধিকাৰগৰাকীয়ে দেখা খুটাটোৰ কথা সঁচা নে মিছা চাবলৈ ব্ৰহ্মপুত্ৰৰ পাৰলৈ গৈছিল ৷ ব্ৰহ্মপুত্ৰৰ পাৰতেই সকলো ভকত বৈষ্ণৱে দেখা পাইছিল যে সঁচাকৈয়ে সপোনত দেখাৰ দৰে এটা প্ৰকাণ্ড খুটা ব্ৰহ্মপুত্ৰৰ পাৰত ৰৈ আছেহি ।
সেই সময়ত সত্ৰখনৰ হস্তীজনাৰ লগতে সত্ৰৰ ভকত বৈষ্ণৱৰ প্ৰচেষ্টাত খুটাটো সত্ৰলৈ লৈ অনা হৈছিল । প্ৰথমে সত্ৰৰ বাৰাণ্ডাত খুটাটোৰ ৰখাৰ ব্যৱস্থা কৰিছিল (Post of Tulshi wood) ৷ অৱশ্যে পৰৱৰ্তী সময়ত সত্ৰৰ মূল লাইখুটা হিচাপে সেই খুটাটোক ব্যৱহাৰ কৰিছিল ।
তাৰ পাছৰ পৰ্যায়ত যেতিয়া ঐতিহাসিক সত্ৰখন পকীকৰণ কৰা হৈছিল ৷ সেয়েহে ব্ৰহ্মপুত্ৰত উটি অহা সেই তুলসীৰ খুটা পৰ্যটকৰ আকৰ্ষণৰ বাবে থৈ দিয়া হৈছে । সত্ৰখনত খুটাটোৰ ব্যৱহাৰ কৰা পাচৰ পৰা সত্ৰখনৰ আৰ্থিক দিশটো উন্নত হৈছে ৷ লগতে শিষ্য-প্ৰশিষ্যৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল এই সত্ৰখন ।
উল্লেখ্য যে, এই তুলসী খুটাটোৰ তলত চাকি বন্তি জ্বলালে মনোবাঞ্চা পুৰণ হয় বুলি এক লোকবিশ্বাস আছে ৷ সেই বিশ্বাসৰ আধাৰতে আজিও তুলসী খুটাটোৰ তলত চাকি বন্তি জ্বলাবলৈ স্থানীয় ৰাইজৰ লগতে বহু দেশী পৰ্যটকেও ভিৰ কৰা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক :Legendary singer Bhupen Hazarika : আজিৰে পৰা 5 নৱেম্বৰলৈ সুধাকন্ঠৰ গীত বজাবলৈ আহ্বান ৰাজ্যবাসীক