মাজুলী,1 জুলাই:দেশজুৰি অব্যাহত থকা ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ গ্ৰাহত পৰি দিশহাৰা হৈছে হাজাৰ হাজাৰ পৰিয়াল ৷ ক'ভিডে প্ৰাণ কাঢ়িছে বহু পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীক ৷ ইয়াৰ মাজতে নামনি মাজুলী গোৱাল গাঁৱৰ এগৰাকী মাতৃৰ হিয়াভগা কান্দোনে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ উপাৰ্জনৰ বাট বিচাৰি বহিঃৰাজ্যলৈ ওলাই গৈ এক ডাঙৰ বিপদত পৰিছে মাতৃ গৰাকীৰ পুত্ৰ ৷
ঘটনাৰ বিৱৰণী অনুসৰি, পিতৃৰ বিয়োগৰ পিছতে ঘৰখনৰ দায়িত্ব লৈ উপাৰ্জনৰ পথ বিচাৰি সূদুৰ কৰ্ণাটকলৈ ঢাপলি মেলিছিল নামনি মাজুলী গোৱাল গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক পংকজ হাজৰিকা ৷ তাৰ পাছৰে পৰা কৰ্ণাটকৰ বেংগলোৰত বিগত তিনিটা বছৰে এটা ব্যক্তিগত প্ৰতিষ্ঠানত সুৰক্ষা কৰ্মী (security guard) হিচাপে নিয়োজিত হৈ আছিল পংকজ হাজৰিকা নামৰ যুৱকজন ৷ কিন্তু যোৱা 5 দিনৰ পূৰ্বে নিজৰ ৰুমৰ পৰা কৰ্মস্থলীলৈ গৈ থকাৰ সময়তে এক ভয়ংকৰ পথ দুঘৰ্টনাত পতিত হয় যুৱকজন ৷ বৰ্তমান কনাটৰ্কৰ ই এচ আই(ESI) হাস্পতালত মৃতুৰে যুঁজিছে পংকজে ৷
মাজুলীত এগৰাকী দুৰ্ভগীয়া মাতৃৰ হিয়া ভগা কান্দোন উল্লেখ্য যে, চিকিৎসকে উন্নত চিকিৎসাৰ বাবে পংকজক উদ্ধৱা চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ পৰামৰ্শ দিছে যদিও যদিও আৰ্থিক সমস্যাৰ বাবে বৰ্তমান সেইয়া সম্ভৱ হৈ উঠা নাই ৷ চিকিৎসক কৰ্তৃপক্ষই পংকজৰ কাষত এজন ঘৰুৱা অভিভাৱক বিচাৰিছে যদিও কৰুণাসৃষ্ট পৰিৱেশ তথা অৰ্থৰ অভাৱত পৰিয়ালৰ কোনো লোক আজিলৈকে যুৱক জনৰ কাষত উপস্থিত হ'ব পৰা নাই ৷ সুদূৰ কণাটৰ্কলৈ গৈ নিজ পুত্ৰৰ কাষত থিয় হ'বলৈ মাতৃ গৰাকীৰ হাতত ফুটা কড়ী এটাও নাই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷ উপায়ন্তৰ হৈ হিয়া ঢাকুৰি কান্দিছে পংকজ হাজৰিকাৰ দুৰ্ভগীয়া মাতৃয়ে ৷
এইটো বেংক একাউন্টৰ জড়িয়তে আগবঢ়াব পাৰিব সহায়ৰ হাত পৰিয়ালৰ একমাত্ৰ উৰ্পাজনকাৰী জনৰ এনে অৱস্থা হোৱাত দিক বিদিক হেৰুৱাই পেলাইছে পৰিয়ালটোৱে ৷ দুৰ্ভগীয়া মাতৃ গৰাকীয়ে অশ্ৰুসিক্ত নয়নেৰে ভিন্ন দল সংগঠন তথা চৰকাৰী কৰ্তৃপক্ষলৈ দুখীয় পৰিয়ালটোক অকণমান সহায় আগবঢ়াবলৈ কৰযোৰে আহ্বান জনাইছে ৷ কোনো সুহৃদয়বান লোকৰ অকণমান সহায়ে ডাঙৰ উপকাৰ সাধিব পাৰে দুৰ্ভগীয়া পৰিয়ালটোক ৷
লগতে পঢ়কঃনিবনুৱাৰ নাম পঞ্জীয়নৰ বাবে Online Portal আৰম্ভ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ