মাজুলী, 25 আগষ্ট : যি সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মণ্ডলে ঘোচ লৈ সংবাদ শিৰোনামা দখল কৰিছে । সেই সময়ত মাজুলী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে দেখুৱাইছে আদৰ্শ । ক’ভিড মহামাৰীৰ পাচতে হোৱা প্ৰথম লক ডাউনৰ পৰা মাজুলীৰ ডেকা শেনচোৱা গাঁৱৰ নিৰঞ্জন দাস নামৰ যুৱক এজন স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈ আছে ৷
নিৰঞ্জন দাস পিতৃ এজন সাধাৰণ খেতিয়ক ৷ কিন্তু বিগত কিছুদিন ধৰি হৃদ ৰোগত আক্ৰান্ত হৈ তেওঁ বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ ফলত বিমূৰত পৰিছে নিৰঞ্জন দাসৰ মাতৃ ৷ হাস্পতালৰ বিচনাত যদি তেওঁৰ স্বামী পৰি আছে, আনহাতে, প্ৰায় নগ্ন হৈ বিচনাত পৰি ৰৈছে তেওঁৰ পুত্ৰ নিৰঞ্জন দাস ৷
নিৰঞ্জন দাসক সুস্থ কৰি তুলিবৰ বাবে মাজুলীৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীসকলে চিকিৎসা খৰছ আগবঢ়োৱাৰ লগতে অন্যান্য যাৱতীয় খৰছ আগবঢ়ায় ৰাজহ চক্ৰ বিষয়া জয়দ্বীপ ৰজকে । এই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিজন চিকিৎসালয় চিকিৎসাধীন হৈ থকাৰ লগতে পুত্ৰ এনে অৱস্থাত দেখি ভাগি পৰিছে মাতৃগৰাকী ।