অসম

assam

ETV Bharat / state

জাতীয় পতাকাৰে সুসজ্জিত মহাবাহু ব্ৰহ্মপুত্ৰ শীৰ্ষক ফেৰী শোভাযাত্ৰা - Mahabahu Brahmaputra decorated with national flag in Brahmaputra

স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ হিচাপে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মাজুলীতো চলি আছে বিভিন্ন কাৰ্যসূচী ৷ দেওবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত ভাৰতীয় জাতীয় পতাকাৰে সুসজ্জিত মহাবাহু ব্ৰহ্মপুত্ৰ শীৰ্ষক ফেৰী শোভাযাত্ৰা কাৰ্যসূচীৰে এক নান্দনিক পৰিৱেশৰ সৃষ্টি হয় (Mahabahu Brahmaputra decorated with national flag in Brahmaputra) ৷

A ferry procession Mahabahu Brahmaputra decorated with national flag in Brahmaputra
ব্ৰহ্মপুত্ৰৰ বুকুত ভাৰতীয় জাতীয় পতাকাৰে সুসজ্জিত মহাবাহু ব্ৰহ্মপুত্ৰ শীৰ্ষক ফেৰী শোভাযাত্ৰা

By

Published : Aug 14, 2022, 10:10 PM IST

মাজুলী, 14 আগষ্ট:সোমবাৰে দেশজুৰি উলহে মালহে পালন কৰা হ’ব 76 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ হিচাপে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মাজুলীতো চলি আছে বিভিন্ন কাৰ্যসূচী ৷ দেওবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত ভাৰতীয় জাতীয় পতাকাৰে সুসজ্জিত মহাবাহু ব্ৰহ্মপুত্ৰ শীৰ্ষক ফেৰী শোভাযাত্ৰা কাৰ্যসূচীৰে এক নান্দনিক পৰিৱেশৰ সৃষ্টি হয় (Mahabahu Brahmaputra decorated with national flag in Brahmaputra) ৷

ব্ৰহ্মপুত্ৰৰ বুকুত ভাৰতীয় জাতীয় পতাকাৰে সুসজ্জিত মহাবাহু ব্ৰহ্মপুত্ৰ শীৰ্ষক ফেৰী শোভাযাত্ৰা

এই ''মহাবাহু ব্ৰহ্মপুত্ৰ'' শীৰ্ষক ফেৰী শোভাযাত্ৰাৰে প্ৰতিজন ভাৰতীয়ক দেশপ্ৰেমৰ অনুভূতি জগাই তুলিব বুলি আশা প্ৰকাশ কৰে মাজুলী জিলা উপায়ুক্তই (ferry procession decorated with national flag)৷ মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত কমলাবাৰী ফেৰীঘাটত বিয়লি ৪-৩০ বজাৰ আৰম্ভ হোৱা এই কাৰ্যসূচীত মেৰিন ইঞ্জিনযুক্ত সাতখনকৈ ফেৰীয়ে অংশগ্ৰহণ কৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত ত্ৰিৰংগ পতাকাৰ লহৰ তোলে ৷

এই ফেৰীসমূহত দেশৰ স্বাভিমান তথা ঐক্যতাৰ প্ৰতীক ত্ৰিৰংগ পতাকা উৰুৱাই মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত উজলি উঠা এক নান্দনিক পৰিৱেশৰ মাজত শোভাহিত হৈ উঠে কমলাবাৰী ফেৰীঘাটৰ চৌপাশ ৷ বতাহৰ মাজত উৰি থকা ত্ৰিৰংগাৰ এক অভূতপূৰ্ব পৰিৱেশে সকলো ভাৰতীয়ৰ মন প্ৰাণ প্ৰসন্ন কৰি তোলে ৷

শেহতীয়াকৈ ৰাজ্য চৰকাৰে ঘোষণা কৰা ১৩ -১৫ আগষ্টলৈকে আজাদী কা অমৃত মহোৎসৱৰ কাৰ্যসূচী মাজুলীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয়, ব্যক্তিগত প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান তথা মাজুলীবাসীয়ে ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ কাৰ্যসূচী সফল কৰি তোলাৰ পিছতে আজি ব্ৰহ্মপুত্ৰৰ বুকুত মহাবাহু ব্ৰহ্মপুত্ৰ নামৰ শীৰ্ষক নৌকা শোভাযাত্ৰা ৰূপায়ণ কৰে ৷ এই কাৰ্যসূচীত মাজুলীৰ স্থানীয় বিধায়ক ভূৱন গাম, উপায়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক গৌতম বৰা, মাজুলী জিলা বিজেপি সভাপতি বীৰেন শইকীয়াকে ধৰি শতাধিক লোকে এই ফেৰী শোভাযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:এহেজাৰ জাতীয় পতাকাৰে উজ্বলিছে বগীবিল দলং

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details