অসম

assam

ETV Bharat / state

পুনৰ ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন ফেৰী - Over loaded ferry stranded in Majuli

২০২১ চনৰ ৮ ছেপ্টেম্বৰৰ পুনৰাবৃত্তি হোৱাৰ পৰা কোনো মতে ৰক্ষা পৰিল এখন ফেৰী । অতিৰিক্ত বোজা কঢ়িওৱাৰ ফলতে বহি যায় ফেৰীৰ এটা অংশ । যাৰ বাবে মাজুলীত যাত্ৰীসহ নৈত আৱদ্ধ হৈ থাকে ফেৰীখন (Ferry with passengers stranded in Majuli)। সুৰক্ষিতভাৱে উদ্ধাৰ যাত্ৰীসকলক ।

majuli
পুনৰ ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন ফেৰী

By

Published : Oct 2, 2022, 3:08 PM IST

মাজুলী,২ অক্টোবৰ :সাধাৰণ যাত্ৰীৰ জীৱনক লৈ হেতালি খেলিবলৈ এৰা নাই জল পৰিবহণ বিভাগ লগতে মাজুলী প্ৰশাসনে (Negligence of Assam IWT)। এটাৰ পাছত আনটো ফেৰী দুৰ্ঘটনা (Ferry accident) হোৱাৰ পাছতো শিক্ষা লোৱা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই । যাৰ বাবে পুনৰ এক ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰিল এখন ফেৰী । অতিৰিক্ত বোজা কঢ়িওৱাৰ ফলতে বহি যায় ফেৰীখনৰ এটা অংশ (Ferry with passengers stranded in Majuli)। ফলত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । অৱশ্যে ফেৰীখন পৰৱৰ্তী সময়ত সুৰক্ষিতভাৱে ঘাটলৈ অনা হয় ।

দুৰ্গা পূজাক লৈ চাৰিওফালে উছাহ উদ্দীপনাই বিৰাজ কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে । মাজুলীৰ বালিজান ধূনাগুৰিৰ পৰা লখিমপুৰ অভিমুখে গৈ আছিল ফেৰীখন । ফেৰীখনত দুচকীয়া, চাৰিচকীয়া বাহনৰ উপৰিও ৫০ গৰাকীৰো অধিক যাত্ৰী আছিল ।

নিৰ্দিষ্ট জোখত কৈ অত্যাধিক বোজা কঢ়িওৱাৰ ফলতে ফেৰীখনৰ এটা অংশ বহি যায় বুলি সন্দেহ কৰিছে ৰাইজে (Over loaded ferry stranded in Majuli)। অৱশ্যে স্থানীয় লোকৰ সহযোগত সকলো যাত্ৰী আৰু বাহনসমূহ সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় ।

পুনৰ ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন ফেৰী

কিন্তু এই ঘটনাৰ পাছতে অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । কিছুদিন পূৰ্বেও মাজুলীত অনুৰূপ পৰিৱেশৰ সৃষ্টি হৈছিল । দুৰ্ঘটনাৰ পৰা কোনো মতে ৰক্ষা পৰিছিল এখন ফেৰী । ইফালে বিগত বছৰৰ ৮ ছেপ্টেম্বৰত সংঘটিত ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ ভয়ে আজিও কঁপাই তোলে মাজুলীবাসীক (Majuli ferry accident in 8th Sept 2021)।

কিন্তু ইমানৰ পাছতো আজিলৈ যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব নিদিলে আভ্যন্তৰীণ জল পৰিবহণ বিভাগ লগতে প্ৰশাসনে । মাজুলীৰ ফেৰী দুৰ্ঘটনাৰ পাছত বিভিন্ন ধৰণৰ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছিল যদিও বৰ্তমান সেইবোৰ ফুটুকাৰ ফেনত পৰিণত হৈছে । দুৰ্ঘটনা এটা সংঘটিত হ'লেহে প্ৰশাসন তথা সংশ্লিষ্ট বিভাগৰ গাত কথা লাগে নেকি ? প্ৰশাসন তথা সংশ্লিষ্ট বিভাগক তীব্ৰ সমালোচনা কৰিছে মাজুলীবাসীয়ে । অৱশ্যে কিছু কিছু ক্ষেত্ৰত ৰাইজৰ সজাগতাৰো যথেষ্ট প্ৰয়োজন বুলি দাবী কৰিছে একাংশই ।

লগতে পঢ়ক :অৱশেষত উদ্ধাৰ হ’ল ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ

For All Latest Updates

ABOUT THE AUTHOR

...view details