মাজুলী,২৫ নৱেম্বৰ :মাজুলীৰ শালমৰা গাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়াল (Crisis of Majuli family)। পৰিয়ালটো সম্প্ৰতি সমস্যাত পৰিছে । আৰ্থিক সংকটত দুৰ্ভগীয়া ধনেশ্বৰ ভূঞাৰ পৰিয়ালটো । কিয়নো জটিল ৰোগত আক্ৰান্ত ধনেশ্বৰ ভূঞাৰ পুত্ৰ মণিমাধৱ ।
আঢ়ৈ বছৰ বয়সৰ পৰাই জটিল ৰোগত আক্ৰান্ত মণিমাধৱ (Majuli youth suffering from complex diseases)। বৰ্তমান ১৮ বছৰীয়া হৈছে মণিমাধৱ । ইমান বছৰে চিকিৎসা চলিছে যদিও এতিয়াও সুস্থ হৈ উঠা নাই মণিমাধৱ । মৃৎশিল্পীৰ লগত জড়িত পৰিয়ালটো ।
ঘৰখন চলোৱাৰ লগতে পুত্ৰক চিকিৎসা কৰি কৰি ভাগৰি গৈছে ধনেশ্বৰ ভূঞাৰ পৰিয়ালটো । আৰ্থিকভাৱেও জুৰুলা হৈ পৰিছে পৰিয়ালটো । খুজি মাগি বিভিন্নজনৰ পৰা লাভ কৰা কিছু ধনেৰে পুত্ৰৰ চিকিৎসা চলাইছে যদিও সেয়া যথেষ্ট নহয় । মাতৃৰ বিভিন্ন আ-অলংকাৰৰ পৰা আৰম্ভ কৰি ঘৰৰ প্ৰায়বোৰ সম্পত্তিয়ে ইতিমধ্যে পুত্ৰৰ চিকিৎসাৰ নামত বিক্ৰী কৰিছে পৰিয়ালটোৱে ।