মাজুলী, 31 আগষ্ট :মাজুলীৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী এইয়া ৷ দীৰ্ঘ সময় ধৰি সমাজৰ পৰা বঞ্চিত হৈ আছে তেওঁলোক ৷ কেতিয়াবা প্ৰশ্ন উদয় হয় মানুহ লৈ সমাজ গঠিত হয়নে, সমাজে মানুহক লৈ আগবাঢ়ে ৷ সুস্থ চিন্তা ধাৰাৰ মানুহৰ সংমিশ্ৰণেৰে গঠিত সমাজ এখন নিশ্চয়কৈ কেতিয়াও কাৰো বাবে অশান্তিৰ কাৰণ হৈ নপৰে ৷ কিন্তু আজিৰ এই কাহিনীটো সম্পূৰ্ণ ওলোটা ৷ প্ৰায় এটা দীঘলীয়া সময় সমাজৰ পৰা আঁতৰি থাকি অৱশেষত ভাগৰি পৰিল ঘৰৰ মুখীয়ালজন ৷ হুক হুকাই কান্দি উঠিল সাংবাদিকৰ আগত ৷
কলিতা সম্প্ৰদায়ৰ এই পৰিয়ালটো মাজুলীৰ মলুৱাল কলিতা গাঁৱৰ নিবাসী ৷ তেওঁলোকৰ পৰিয়ালৰ দুৰ্দশাৰ কথা তেতিয়া পোহৰলৈ আহিল যেতিয়া পৰিয়ালটোৰ বৰপুত্ৰ গজেন ৰাজখোৱা পৰলোকগামী হয় ৷ গাঁওখনৰ কোনো এজন মানুহ নাহিল তেওঁৰ আদ্যশ্ৰাদ্ধলৈ ৷ কাৰণটো কি জানেনে ? প্ৰয়াত গজেন ৰাজখোৱাই সামাজিকভাৱে বিয়া পতা নাছিল আৰু তেওঁৰ ভাতৃয়ে, পৰিয়ালটোৰ কনিষ্ঠজনে আহোম সম্প্ৰদায়ৰ এগৰাকী ছোৱালী বিয়া পাতিছিল ৷ মাথো ইমানেই, আৰু এইয়াই আমাৰ তথাকথিত সমাজৰ আগত ইমান ডাঙৰ দোষ যে তিনিটাকৈ সন্তানসহ পত্নীক এৰি থৈ যোৱা গজেন ৰাজখোৱাৰ আদ্যশ্ৰাদ্ধলৈ আহি পৰিয়ালটোক সমাজেখনে উদ্ধাৰ কৰাৰ কথা ভাৱিব নোৱাৰিলে ৷