অসম

assam

ETV Bharat / state

মাজুলীত সদৌ অসম ভাওনা সমাৰোহ - সদৌ অসম ভাওনা সমাৰোহ

মাজুলীত সদৌ অসম ভাওনা সমাৰোহ ২০২০ৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ৷ দুহেজাৰ গৰাকী নামতিৰ নামৰ ধ্বনিৰে মুখৰিত হ'ব মণিকাঞ্চন ৰংগ ক্ষেত্ৰ ৷ উন্মোচন হ'ব দহ হেজাৰ নামঘৰৰ ইতিবৃত্ত সম্বলিত গ্ৰন্থ ৷

8th asom bhaona samaroh at majuli
মাজুলীত সদৌ অসম ভাওনা সমাৰোহ

By

Published : Jan 18, 2020, 8:31 PM IST

মাজুলী,18 জানুৱাৰীঃ ২০০৬ চনৰ পৰা প্ৰতি দুবছৰৰ অন্তত অনুষ্ঠিত হৈ আহিছে অসম ভাওনা সমাৰোহ ৷ এইবাৰ অষ্টম বৰ্ষৰ অসম ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব মাজুলীৰ আউনীআটী সত্ৰৰ সমীপৰ মনিকাঞ্চন ৰংগক্ষেত্ৰত ৷ ইতিমধ্য এই সমাৰোহৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে মাজুলীবাসীয়ে ৷ ১৯ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'বলগীয়া সমাৰোহখনিত মুঠ ২৮ খন ভাওনা প্ৰদৰ্শিত হ'ব। প্ৰতিদিনে ভাওনা উদ্বোধন কৰিব সংগীত শিল্পী অংগৰাগ মহন্ত, বিশিষ্ট বোলছবি অভিনেতা যতীন বৰা প্ৰমুখ্যে বহু কেইজন বিশিষ্ট শিল্পী , সাংস্কৃতিক কৰ্মী, সমাজকৰ্মী, তথা সত্ৰাধিকাৰে। ভাওনা সমাৰোহৰ শেষৰ দিনা " ভাওনা ৰত্ন" " ভাওনা মহিয়ান" আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ২০ গৰাকী সাহিত্য,সংস্কৃতি,কলা সাধকক সম্বৰ্ধনা জনোৱা হ'ব । এই সমাৰোহতে অসমৰ বিভিন্ন ঠাইৰ দহ হেজাৰ নামঘৰৰ ইতিহাস সম্বলিত "নামঘৰৰ ইতিহাস পৰিচয়" নামৰ গ্ৰন্থ খনৰ প্ৰথম খণ্ড উন্মোচন হ'ব।

মাজুলীত সদৌ অসম ভাওনা সমাৰোহ

সমাৰোহৰ কাৰ্যসূচী অনুসৰি ১৯ ফেব্ৰুৱাৰীৰ ৮-৩০ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি ড৹ পীতাম্বৰ দেৱগোস্বামীয়ে। ৯ বজাত মনিকূটৰ দ্বাৰ মুকলি আৰু নাম প্ৰসংগ কাৰ্যসূচী। ১০ বজাত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব মাজুলী জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে। ভোজনালয়ৰ দ্বাৰ উদঘাটন কৰিব ডিব্ৰুগড়ৰ বিশিষ্ট চিকিৎসক হেমহৰি পেগুৱে । ১০-৩০ বজাত গ্ৰন্থ মেলা উন্মোচন কৰিব শিৱসাগৰৰ বিশিষ্ট চিকিৎসক অখিল হাজৰিকাই । ১১ বজাত দুহেজাৰ গৰাকী নামতিৰ নামৰ ধ্বনিৰে উদ্বোধনী সভাত সভাপতিত্ব কৰিব ড৹ পীতাম্বৰ দেৱগোস্বামীয়ে। সন্মানীয় অতিথিৰ আসনত থাকিব সত্ৰাধিকাৰ সকলৰ লগতে উজ্জয়নী মহামণ্ডলেশ্বৰৰ কেশৱ দাস । নামঘৰ ইতিহাস, গ্ৰন্থ উন্মোচন কৰিব নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক দীপক শৰ্মাই । স্মাৰক গ্ৰন্থ উন্মোচন কৰিব মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ডম্বৰুধৰ নাথে। বিয়লি ১ বজাত যোৰহাট মঞ্জুলা কলা কেন্দ্ৰই পৰিৱেশন কৰিব " ৰাম বিজয়" নাট। সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ গোস্বামীয়ে।

লগতে পঢ়কঃযতীন বৰাৰ "ৰত্নাকৰৰ"ৰ পিছত এইবাৰ আহি আছে ৰবি শৰ্মাৰ ৰঘুপতি

ABOUT THE AUTHOR

...view details