অসম

assam

ETV Bharat / state

ঐতিহাসিক দক্ষিণপাট সত্ৰত অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ বয়নৰ শুভাৰম্ভ

দক্ষিণপাট সত্ৰৰ চ'ৰাত স্থাপন কৰা হৈছে ভাৰত বৰ্ষৰ সৰ্ববৃহৎ তাঁতশাল । কালৰ বুকুত হেৰাই যাবলৈ ধৰা গুৰুজনাই সৃষ্টি কৰা বৃন্দাবনী বস্ত্ৰ অনুকৃতিমূলক ভাৱে বয়নৰ সিদ্ধান্ত ঐতিহাসিক দক্ষিণপাট সত্ৰৰ

ঐতিহাসিক দক্ষিণপাট সত্ৰত অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ বয়নৰ শুভাৰম্ভ

By

Published : Jul 6, 2019, 7:33 PM IST

মাজুলী, 6 জুলাইঃ উত্তৰ-পূবৰ অন্যতম এক ধৰ্মীয় আৰু বুৰঞ্জী প্ৰসিদ্ধ পূণ্য স্থান মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ। ৩৫৬ বছৰীয়া সোনোৱালী পৃষ্ঠাৰে ভৰা ঐতিহাসিক দক্ষিণপাট সত্ৰই হঠাৎ ল'লে এক যুগান্তকাৰী সিদ্ধান্ত । শ্ৰী শ্ৰী যাদৱ ৰায়ৰ চৰণত পূজা অৰ্চনাৰে ৰাজসত্ৰৰ ঐতিহ্য অটুত ৰখাৰ উদ্দেশ্যে দক্ষিণপাট সত্ৰত পোন প্ৰথম বাৰৰ বাবে শংকৰ দেৱ আৰু মাধৱ দেৱৰ আৰ্হিত প্ৰতিষ্ঠা কৰা হয় গুৰু আসন ।

ঐতিহাসিক দক্ষিণপাট সত্ৰত অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ বয়নৰ শুভাৰম্ভ

৩৫৬ বছৰৰ বৰ্ণিল সোণোৱালী দিন অতিক্ৰম কৰাৰ পাছত শনিবাৰে পোন প্ৰথম বাৰৰ বাবে প্ৰতিষ্ঠা হল গুৰু আসন। অৱশ্যে ব্ৰাহ্মণীয় ৰীতি নীতিৰে পৰিচালিত সত্ৰ খনৰ এই সিদ্ধান্তৰ আছে এক মহৎ আৰু যুগান্তকাৰী উদ্দেশ্য ৷ সত্ৰৰ চ'ৰাত স্থাপন কৰা হৈছে ভাৰত বৰ্ষৰ সৰ্ববৃহৎ তাঁতশাল । কালৰ বুকুত অসমৰ পৰা হেৰাই যাব ধৰা গুৰুজনাই সৃষ্টি কৰা বৃন্দাবনী বস্ত্ৰ অনুকৃতিমূলক ভাৱে বয়নৰ সিদ্ধান্ত লৈছে ঐতিহাসিক দক্ষিণপাট সত্ৰই । দক্ষিণপাট সত্ৰৰ এই সিদ্ধান্তৰ সন্মান জনাই দেওবাৰে এই কাৰ্যৰ শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়কঃ ETV BHARAT ৰ বাতৰিৰ প্ৰভাৱ : সংগ্ৰহালয়ত সুৰক্ষিত হ'ব শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ আপুৰুগীয়া সম্পদ

ABOUT THE AUTHOR

...view details