জোনাই, 3 নৱেম্বৰ :বৃহস্পতিবাৰে জোনাইত আয়োজন কৰা হয় ঐতিহ্যমণ্ডিত জোনাই-মুৰ্কংচেলেক অঞ্চলৰ শিক্ষাৰ বাটকটীয়া বিশিষ্ট শিক্ষাবিদ তথা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ টাকাৱ চন্দ্ৰ মেদকৰ মৃত্যু বার্ষিকী ৷ টাকাৱ চন্দ্ৰ মেদকৰ 23 সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে টাকাৱ চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এখন স্মৃতিচাৰণ সভা ৷
অনুষ্ঠানত প্ৰয়াত টাকাৱ চন্দ্ৰ মেদকৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, বন্তি প্ৰজ্জ্বলন, শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ ইয়াৰ পিচতে পালন কৰা হয় প্ৰাৰ্থনা অনুষ্ঠান ৷ অঞ্জনা টায়ুং শইকীয়াই সঞ্চালনা কৰা স্মৃতিচাৰণ আৰু সম্বৰ্ধনা সভাৰ সভাপতিত্বত কৰে জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ তথা টাকাৱ চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ সভাপতি ড৹ ৰাজেশ্বৰ পেগুৱে ৷
অতিৰিক্ত আয়ুক্ত জোনাই মহকুমাৰ মহকুমাধিপতি শান্তনু গগৈয়ে শুভ উদ্বোধন কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে জ্যেষ্ঠ সাংবাদিক তথা টাকাৱ চন্দ্ৰ মেদকৰ ন্যাসৰ সম্পাদক ৰয়েল পেগুৱে ৷ ইয়াৰ পিচতে টাকাৱ চন্দ্ৰ মেদকৰ ন্যাসৰ মুখ্য পৃষ্টপোষক হৰিপ্ৰসাদ মিলিয়ে আদৰণি ভাষণ আগবঢ়োৱা সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড৹ কমলা কান্ত বড়ি ৷