মাজুলী,7মাৰ্চঃ বিধানসভাত নিদ্ৰাত লালকাল হোৱা বিধায়কক আপুনি হয়তো বহুবাৰ দেখিছে পিচে এইবাৰ বিধানসভাৰ মজিয়া নহয়, খোদ মুখ্যমন্ত্ৰীৰ সভাতেই টোপনি মৰা দেখা গ’ল এজন বিধায়কক ৷
হাত চাপৰিয়ে বাৰে বাৰে টোপনি ভাঙে বিধায়ক বিমল বৰাৰ
মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে বিধায়ক বিমল বৰাৰ টোপনিয়ে বাৰুকৈয়ে আমোদ দিলে উপস্থিত ৰাইজক৷ মাজে মাজে ৰাইজৰ হাত চাপৰিত নিদ্ৰা ভংগ হয় যদিও পুনৰ টোপনিত লালকাল হয় বিধায়কগৰাকী ৷
মাজুলীত মুখ্যমন্ত্ৰীৰ দ্বিতীয় দিন
উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে মাজুলী জিলাৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান আৰু দুশখন বিচনাযুক্ত মাজুলী জিলা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷
মাজুলীৰ গড়মূৰ এশখন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ক দুশখন বিচনাযুক্ত জিলা চিকিৎসালয়লৈ উন্নীত কৰি বিশ কোটি টকা ব্যয় সাপেক্ষে ন ৰূপত সজাই তোলা হ’ব । লগতে মাজুলীৰ ১৯০গৰাকী আনন্দৰাম বৰুৱা বঁটা প্ৰাপক ছাত্ৰ ছাত্ৰীৰ ১০ গৰাকীৰ মাজত এই বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ।