মাজুলি, 4 অক্টোবৰ : দুৰ্গোৎসৱক লৈ সমগ্ৰ ৰাজ্যত উখল মাখল পৰিৱেশৰ ৷ কিন্তু ইয়াৰ বিপৰীত ছবি প্ৰতিফলিত হৈছে সত্ৰপীঠ মাজুলীত ৷ মাজুলী দুৰ্গোৎসৱ পালন কৰা নহ'লেও যোৰহাটৰ মিলনগৰ পূজা মণ্ডপৰ বাবে মাজুলীত নিৰ্মাণ কৰা হৈছে 14 ফুট উচ্চতাৰ ছোঁ মুখা ৷
মাজুলীত 14 ফুট উচ্চতাৰ ছোঁ মুখা নিৰ্মাণ - যোৰহাট
মিলন নগৰ পূজা মণ্ডপৰ মূলদ্বাৰত প্ৰতিষ্ঠা হ'বলগীয়া এই দুই বৰ মুখাই দৰ্শনাৰ্থীক মুগ্ধ কৰিব বুলি আশা ব্যক্ত কৰিছে নিৰ্মাতাসকলে ৷ ছোঁ মুখাৰ লগতে মাজুলীৰ ৰাসত ব্যৱহৃত বৃহৎ আকাৰৰ অজগৰ নিৰ্মাণ কৰি পূজা মণ্ডপত অভিনয়ৰ দিহা কৰিছে পূজা সমিতিয়ে ।
মুখা শিল্পৰ বাবে বিখ্যাত মাজুলী চামগুৰি সত্ৰৰ সমীপৰ প্ৰেম বৰা, অংকুৰ বৰুৱা আৰু গৌতম ভূঞাই নিৰ্মাণ কৰি উলিয়াইছে দুটা বৃহৎ আকাৰৰ জনজাতীয় যুৱকৰ ছোঁ মুখা ৷ মিলন নগৰ পূজা মণ্ডপৰ মূলদ্বাৰত প্ৰতিষ্ঠা হ'বলগীয়া এই দুই বৰ মুখাই দৰ্শনাৰ্থীক মুগ্ধ কৰিব বুলি আশা ব্যক্ত কৰিছে নিৰ্মাতাসকলে ৷ ছোঁ মুখাৰ লগতে মাজুলীৰ ৰাসত ব্যৱহৃত বৃহৎ আকাৰৰ অজগৰ নিৰ্মাণ কৰি পূজা মণ্ডপত অভিনয়ৰ দিহা কৰিছে পূজা সমিতিয়ে । কাপোৰ, কুমাৰ মাটি, গোৱৰ আৰু বাঁহেৰে নিৰ্মিত ছোঁ বা বৰমুখাকেইটা শুকুৰবাৰে দেৰগাঁৱৰ মণ্ডপলৈ নিয়া হয় ।