অসম

assam

ETV Bharat / state

Zumba Fitness Centre: জুম্বা ফিটনেচ চেন্টাৰৰ জৰিয়তে মহিলাৰ শাৰিৰীক-মানসিক উৎকৰ্ষ সাধন - Zumba Fitness Centre in Lakhimpur

একোখন ঘৰৰ সমস্ত দায়িত্ব কান্ধ পাতি লোৱা মহিলাসকলে সাধাৰণতে দিনটোৰ সৰহভাগ সময় ব্যস্ত হৈ থকাৰ পাছত নিজৰ স্বাস্থ্যৰ প্ৰতি চকু দিবলৈ আহৰি নাথাকে । যাৰ বাবে তেওঁ লোক বহুক্ষেত্ৰত শাৰিৰীক মানসিক সমস্যাত আক্রান্ত হয় । মহিলাসকলৰ এনে সমস্যাৰ কথা চিন্তা কৰি লখিমপুৰৰ মহিলাগৰাকীক ব্যৱসায়ী দৃষ্টিভংগীৰ বিপৰীতে সেৱাৰ মনোভাৱেৰে এক প্ৰচেষ্টা হাতত লয় ।

Zumba Fitness Centre anniversary in Lakhimpur
জুম্বা ফিটনেচ চেন্টাৰৰ জৰিয়তে মহিলাৰ শাৰিৰীক-মানসিক উৎকৰ্ষ সাধন

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 9:40 PM IST

জুম্বা ফিটনেচ চেন্টাৰৰ জৰিয়তে মহিলাৰ শাৰিৰীক-মানসিক উৎকৰ্ষ সাধন

লখিমপুৰ,১৭ অক্টোবৰ:লখিমপুৰ নগৰ এলেকাৰ এগৰাকী মহিলা । যিগৰাকী মহিলাই দিনটোৰ সৰহভাগ সময় ঘৰখনত ব্যস্ত হৈ থকা মহিলাসকলৰ শাৰিৰীক মানসিক উৎকৰ্ষ সাধনৰ হকে কাম কৰি আহিছে । তেওঁ হৈছে প্লাৱিতা হাজৰিকা । তেওঁ লক্ষ্য কৰিলে সমাজৰ মহিলাসকলৰ বিভিন্ন সমস্যাসমূহ । দিনটোৰ সৰহভাগ সময় ঘৰখনত ব্যস্ত হৈ থকা মহিলা সকলৰ সৰহভাগেই মেদবহুলতা, বিষ, থাইৰডকে ধৰি বিভিন্ন অসুবিধা ভোগ কৰি থাকে ।

তেওঁ নিজেও এসময়ত এনে সমস্যাৰ বলি হৈছিল । পৰৱৰ্তী সময়ত শাৰিৰীক ব্যায়াম আদিৰ জৰিয়তে তেওঁ এনে সমস্যা মুক্ত হয় । তেতিয়াই তেওঁ এনে সমস্যাত আক্রান্ত মহিলাসকলৰ বাবে কিবা এটা কৰাৰ মনস্থ কৰে । ভবা মতেই কাম । নগৰৰ নকাৰীত পি এইচ জুম্বা ফিটনেচ চেন্টাৰ নামেৰে এটা শাৰিৰীক মানসিক উৎকৰ্ষ সাধনৰ কেন্দ্র তেওঁ মুকলি কৰিলে । এবছৰৰ পূৰ্বে মুকলি কৰা এই কেন্দ্র টোলৈ সমস্যাত আক্ৰান্ত মহিলা-যুৱতীৰ সোত ববলৈ ল'লে ।

সকলোৱে দুই তিনিমাহৰ ভিতৰতে সমস্যামুক্ত হ'ল । শাৰিৰীক মানসিক সমস্যাৰ পৰা মুক্ত হৈ পৰম প্ৰশান্তি লাভ কৰা মহিলাৰ সংখ্যা কম নহয় । ব্যৱসায়িক দৃষ্টিভংগীৰ বিপৰীতে সেৱাৰ মনোভাৱেৰে মহিলাসকলক সমস্যা মুক্ত কৰি এতিয়া অতিকৈ সুখী প্লাৱিতা হাজৰিকা । এই কেন্দ্রটোৰ বৰ্ষপুৰ্তিত উপকৃত মহিলা সকল উবুৰি খাই পৰে । বৰ্ষপুৰ্তিত কেন্দ্রটোত বহু মহিলা-যুৱতীৰ সমাৱেশ হয় । সোমবাৰে নিশা কেক কাটি সকলোৱে কেন্দ্রটোৰ সাফল্য কামনা কৰাৰ লগতে প্লাৱিতা হাজৰিকাক শুভেচ্ছা জ্ঞাপন কৰে । মহিলাৰ শাৰিৰীক মানসিক উৎকৰ্ষ সাধনত ব্ৰতী লখিমপুৰৰ প্লাৱিতা হাজৰিকাৰ এনে উদ্যমক সকলোৱে শলাগ জনাইছে ।

লগতে পঢ়ক:Sonitpur DC Press Conference: খেল মহাৰণ-সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰস্তুতি শোণিতপুৰত

ABOUT THE AUTHOR

...view details