অসম

assam

By

Published : Aug 31, 2019, 5:00 PM IST

ETV Bharat / state

কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে লখিমপুৰত উপস্থিত টীম কাঞ্চনজংঘা

ইউকেলিপ্টাছৰ দৰে ওখ হ'ব বিচৰা জুবিন গাৰ্গ এতিয়া ব্যস্ত কাঞ্চনজংঘাৰ প্ৰচাৰত৷ শুকুৰবাৰে নাৰায়ণপুৰত উপস্থিত হয় টীম কাঞ্চনজংঘা

কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে লখিমপুৰত উপস্থিত টীম কাঞ্চনজংঘা

লখিমপুৰ, 31 আগষ্টঃ সমগ্ৰ অসমৰ লগতে নাৰায়ণপুৰতো শুকুৰবাৰে উপস্থিত হয় টীম কাঞ্চনজংঘা৷ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ চৌদহত অনুষ্ঠিত বহুচৰ্চিত চিনেমাখনৰ প্ৰচাৰ সভাত উপস্থিত থাকে জুবিন গাৰ্গ, ত্ৰিদীপ লাহন, শশাংক সমীৰৰ লগতে বহুকেইজন শিল্পী৷ প্ৰায় পাঁচ হাজাৰ অনুৰাগী উপস্থিত থকা এই প্ৰচাৰ অনুষ্ঠানত জুবিন গাৰ্গে গীত আৰু কথাৰে সকলোকে আপ্লুত কৰে৷ কন্ঠশিল্পীগৰাকীয়ে নতুন চলচ্চিত্ৰ নীতিক ভূয়সী প্ৰশংসা কৰাৰ লগতে এন আৰ চিৰ ক্ষেত্ৰতো নিজৰ মন্তব্য আগবঢ়ায়৷ তেওঁ কয় যে অসমত এইক্ষেত্ৰত বহুকেইটা স্পৰ্শকাতৰ অঞ্চল আছে। সকলোৱে যাতে শান্তি- শৃংখলাৰে এন আৰ চিৰ খচৰা প্ৰকাশৰ দিনটো পাৰ হৈ যাবলৈ দিয়ে তাৰ প্ৰতিও ৰাইজক আহ্বান জনায় ৷

কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে লখিমপুৰত উপস্থিত টীম কাঞ্চনজংঘা

আনহাতে এন আৰ চিক লৈ কাৰোবাৰ আক্ষেপ থাকিলে প্ৰয়োজন সাপেক্ষে পুনৰ চিন্তা-চৰ্চাৰ বাবে আবেদন জনাব বুলিও তেওঁ কয়৷ লগতে নতুন চিনেমা হলৰ বাবে ৰাজ্য চৰকাৰে লোৱা উদ্যোগৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে জুবিন গাৰ্গে৷ আনহাতে বিহপুৰীয়াত নতুনকৈ নিৰ্মিত প্ৰেৰণা চিনেমাহলে সকলো অনুৰাগীৰ মাজত আশাৰ সঞ্চাৰ কৰাৰ লগতে উক্ত চিনেমা হলটোত দৰ্শনী হ'বলগীয়া প্ৰথমখন চিনেমা কাঞ্চনজংঘা হোৱাৰ বাবে যথেষ্ট আনন্দিত জুবিনৰ অনুৰাগীসকল৷

ABOUT THE AUTHOR

...view details