অসম

assam

কিয় আকৌ বিতৰ্কলৈ আহিল পৰেশ বৰুৱা ?

By

Published : Jul 15, 2021, 7:39 PM IST

ভিডিঅ’ যোগে সামাজিক মাধ্যমত আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আক্ৰমণৰ লক্ষ্য কৰি ল’লে দুই যুৱকে ৷ পৰেশ বৰুৱাক হাবি এৰি অসমলৈ আহি কাম কৰাৰো প্ৰত্যাহ্বান জনালে দুয়োজনে ৷

youth-slamming-paresh-baruah-over-social-media-creates-controversy
পৰেশ বৰুৱা সিংহ নহয় শিয়ালহে বুলি অভিহিত কৰিলে কোনে?

লখিমপুৰ, 15 জুলাই : ‘‘পৰেশ বৰুৱা(Paresh Baruah)ই কেৱলমাত্ৰ হাবিত বহি ফোনযোগে বাৰ্তালাপ কৰে ৷ পৰেশ বৰুৱা সিংহ নহয়, তেওঁ মাথো এটা শিয়াল ৷’’ এই মন্তব্য আমাৰ নহয় শেহতীয়াকৈ, লখিমপুৰৰ দুজন যুৱকে এটা ভিডিঅ’ যোগে এইদৰে ককৰ্থনা কৰিলে সংযুক্ত মুক্তি বাহিনী অসম(United Liberation Front of Assam) চমুকৈ আলফা(ULFA)ৰ মুখ্য সেনাধ্যক্ষ(commander in chief) গৰাকীক ৷

উল্লেখ্য যে, ৰাজ্যৰ তেল ডিপো সমুহৰ উপৰি কোম্পানী সমুহত থলুৱা যুৱকৰ নিযুক্তি(employment of indigenous youth)নোহোৱাত ক্ষোভ ব্যক্ত কৰি বনোৱা ভিডিঅ’টোত অবৈধ বাংলাদেশীৰ আগ্ৰাসন(aggression of illegal bangladeshi immigrants)ৰ বিৰুদ্ধেও হুংকাৰ দিয়ে যুৱক দুজনে । অসমীয়া যুৱ মঞ্চ(Akhomiya yuva manch) শীৰ্ষক সংগঠনটোৰ বিষয়ববীয়া যুৱক দুজনৰ নাম চিৰঞ্জিত বৰদলৈ আৰু দীপাংকৰ নাথ ৷ ইয়াৰে, চিৰঞ্জিত বৰদলৈ সংগঠনটোৰ জিলা সমিতিৰ সভাপতি হোৱাৰ লগতে দীপাংকৰ নাথ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি।

কিয় আকৌ বিতৰ্কলৈ আহিল পৰেশ বৰুৱা ?

ৰাজ্যত ব্যৱসায় চলাই থকা অনা অসমীয়া ব্যৱসায় গোষ্ঠীৰ বিৰুদ্ধে অসমীয়াক ঘৃণা কৰাৰো অভিযোগ উত্থাপন কৰে যুৱক দুজনে ৷ কথা প্ৰসংগত আলফাৰ মুখ্য সেনাধ্যক্ষ গৰাকীক আক্ৰমণৰ বিষয় বস্তু সাজি লয় দুই যুৱকে ৷

হাবিৰ পৰা ওলাই আহি পৰেশ বৰুৱাক অসমীয়াৰ হকে কাম কৰিবলৈ প্ৰত্যাহ্বান জনাই তেওঁলোকে ৷ প্ৰয়োজনত পৰেশ বৰৱাই তেওঁলোকক গুলী মাৰিবলৈ প্ৰত্যাহ্বান জনাই দুই যুৱকে অসমীয়াৰ হকে হেংদাং তুলি ল’বলৈ সাজু হ’ব বুলিও মন্তব্য কৰে ৷ ইয়াৰোপৰি, প্ৰয়োজনত হাতত অস্ত্ৰ তুলি ল’ব বুলিও হুংকাৰ দিয়ে দুই যুৱকে ৷ সম্প্ৰতি এই বিতৰ্কিত ভিডঅ’টোৱে সামাজিক মাধ্যম(social media)ত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক :অখিল গগৈক বহিষ্কাৰৰ হুমকি অধ্যক্ষৰ

ABOUT THE AUTHOR

...view details