লখিমপুৰ, 17 আগষ্ট: চলিত বৰ্ষৰ অক্টোবৰ অথবা নৱেম্বৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ নতুন সভাপতি পদৰ বাবে নিৰ্বাচন (Assam Sahitya Sabha election)। অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিকে ধৰি কেইবাগৰাকী সাহিত্যিকৰ নাম চৰ্চালৈ আহিছে । কিন্তু এই নামসমূহৰ মাজত বিশেষ ভাৱে চৰ্চিত হৈছে য়েছে দৰজে ঠংচিৰ নাম (Yeshe Dorjee Thongchi) ৷ ঠংচিক অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত কৰিবলৈ তেওঁৰ সমৰ্থনত ওলাই আহিছে অসংখ্য লোক ৷ আনকি বিশিষ্ট সাহিত্যিক গৰাকীৰ সমৰ্থনত সামাজিক মাধ্যমতো মাত মাতিছে তেখেতৰ অনুৰাগীসকলে ৷
শেহতীয়াকৈ লখিমপুৰৰ কপিল বৰুৱা নামৰ এজন যুৱ শিল্পীয়ে ঠংছিৰ গ্ল' প্ৰট্ৰেইট অংকণ কৰি তেখেতক সমৰ্থন জনাৱা পৰিলক্ষিত হৈছে (Yeshe Dorjee Thongchi glow portrait painting)। লখিমপুৰৰ পানীগাঁও চুঙাপৰা নিবাসী তথা পেশাত এগৰাকী শিক্ষক শিল্পী কপিল বৰুৱা ৷ শিল্পীগৰাকীয়ে গ্ল'ৰে বিশিষ্ট সাহিত্যিক গৰাকীৰ ছবি অংকণ কৰি ইতিমধ্যে যথেষ্ট সমাদৃত হৈছে । এই গ্ল'ৰ জৰিয়তে ঠংচিক অসম সাহিত্য সভাৰ সভাপতিৰূপে অধিষ্ঠিত কৰিবলৈ ৰাইজৰ মাজত সজাগতা তথা প্ৰচাৰৰ প্ৰয়াস কৰিছে বুলি উল্লেখ কৰে শিল্পীগৰাকীয়ে।