অসম

assam

ETV Bharat / state

Missing Case in Assam:বহিঃৰাজ্যত দুৰ্বৃত্তৰ কৱলত নাৰায়ণপুৰৰ যুৱক - বহিঃৰাজ্যত দূৰ্বৃত্তৰ কৱলত নাৰায়ণপুৰৰ যুৱক

নাৰায়ণপুৰৰ যুৱক বেংগালুৰুত সন্ধানহীন । ফোনটো বন্ধ হৈ থকাত চিন্তিত হৈ পৰিছে পৰিয়ালটোৰ লোকসকল । নিৰুদিষ্ট যুৱকজন দুৰ্বৃত্তৰ কৱলত পৰাৰ সন্দেহ পৰিয়ালৰ ।

Youth of Assam missing at Andra Pradesh
নাৰায়ণপুৰৰ যুৱক বেংগালুৰুত সন্ধানহীন

By

Published : Jun 28, 2023, 8:01 PM IST

Updated : Jun 28, 2023, 8:47 PM IST

নাৰায়ণপুৰৰ যুৱক বেংগালুৰুত সন্ধানহীন

বিহপুৰীয়া, ২৮ জুন :পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তৰ কৱলত পৰিছে অসমৰ যুৱক । লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এজন শিক্ষিত যুৱক বহিঃৰাজ্যত নিৰুদ্দেশ হৈ থকাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত যোৰহটীয়া গাঁৱৰ দেৱজিৎ শেনচোৱা নামৰ বিবাহিত যুৱকজনে কৰ্ম সংস্থাপন বিচাৰি যোৱা ২৩ জুনত বেংগালুৰুলৈ গৈছিল ৷ একে গাঁৱৰে নবীন গগৈ নামৰ এজন যুৱকৰ লগত দিনৰ ভাগত ৰে'লযোগে গুৱাহাটীলৈ আৰু পিছদিনা পুৱাই গুৱাহাটীৰ পৰা এ এছ বি চি এক্সপ্ৰেছ নং ১২৫১০ নং ৰেলেৰে বেংগালুৰু অভিমূখে যাত্ৰা কৰে ৷

ৱেটিং টিকটত দুয়ো একেটা ডবাতে যাত্ৰা কৰে যদিও দেৱজিতৰ ভাগৰ লগাত জিৰণি ল'বলৈ ঠাইৰ অভাৱত তেওঁ শৌচাগাৰৰ সন্মুখতে শুই পৰে ৷ কিন্তু শৌচাগাৰৰ পৰা ওলাই অহা একাংশ যাত্ৰীয়ে দেৱজিতৰ গাত বাৰে বাৰে পানী চটিয়াই দিয়াত তৰ্কা-তৰ্কি আৰম্ভ হয় আৰু একাংশ যাত্ৰীয়ে দেৱজিতক প্ৰাণে মৰাৰ ভাবুকি দিয়ে ৷ এই কাৰ্যত দেৱজিতে ভয় খাই ২৫ জুনৰ পুৱা অন্ধপ্ৰদেশৰ নেল্লুৰ নামৰ এটা ষ্টেচনত নামে ৷ সহযাত্ৰী নবীনে সেই কথা গম পোৱা নাছিল ৷

উক্ত স্থানৰ পৰা বাছ যোগে দেৱজিতে তিৰুপতিলৈ যায় আৰু তিৰুপতিৰ পৰা পুনৰ ৰে'লেৰে বেংগালুৰুলৈ বুলি যাত্ৰা কৰে ৷ যাত্ৰাৰ পিছত সোমবাৰে নিশা ১২ বজাত সমগ্ৰ বিষয় সন্দৰ্ভত ফোনযোগে পত্নীক জনোৱাৰ লগতে কয়,"লাখ লাখ, কোটি কোটি টকা ইনকাম কৰিবলৈ মোক আনি আছে, এতিয়াও সিহঁতে মোক পিছ এৰা নাই ৷ এইটোৱেই মোৰ শেষ ফোন । মই অন্তৰৰ পৰা কৈছো তুমি মোক কালিৰ পৰা নোপোৱা । " ইয়াৰ পিছৰে পৰা দেৱজিতৰ ফোন বন্ধ হৈ আছে ৷

ইয়াকে লৈ এতিয়া ঘৰখনত হাহাকাৰ পৰিবেশে বিৰাজ কৰিছে ৷ সম্প্ৰতি দেৱজিতৰ ফোনটো বন্ধ হৈ থকাত অধিক চিন্তিত হৈ পৰিছে পৰিয়ালটোৰ লগতে গাঁওবাসী । ইতিমধ্যে পৰিয়ালৰ লোকে শিমলুগুৰি আৰক্ষী চকী আৰু লখিমপুৰ জিলা আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰাত মহাৰাষ্ট্ৰৰ চাপাটি ৰে'লৱে ষ্টেচনৰ পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধত দেৱজিতৰ ফোনৰ লোকেচন ধৰা পৰে বুলি জানিব পৰা গৈছৈ ৷ নিৰুদিষ্ট যুৱকজন দুৰ্বৃত্তৰ কৱলত পৰা বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে । নিৰুদিষ্ট যুৱকজনক যিকোনো প্ৰকাৰে উদ্ধাৰ কৰিবলৈ প্ৰশাসনৰ লগতে অসম চৰকাৰক অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে গাঁওবাসীয়ে ৷

লগতে পঢ়ক:Assamese medium: অসমীয়া ভাষা বিতাৰণ ইংৰাজীক আবাহন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ

Last Updated : Jun 28, 2023, 8:47 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details