অসম

assam

ETV Bharat / state

পথাৰ আৰু বজাৰ দখলৰ চিন্তাৰে আগবাঢ়িছে জান চাৰিঙীয়া - agriculture news

উচ্চ শিক্ষাৰে শিক্ষিত নাৰায়ণপুৰৰ ৰঙতিৰ যুৱক জান চাৰিঙীয়াই চাকৰিৰ পাছত নৌদৌৰি কৃষিৰ সৈতে জড়িত হৈ পৰি বহিঃৰাজ্যৰ সামগ্ৰীৰে চলি থকা বজাৰখন দখল কৰাৰ চেষ্টা চলাইছে । সেই উদ্দেশ্যে আগত ৰাখিয়েই ২০০১ চনৰ পৰা একেৰাহে বৰ্তমানলৈকে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে বিভিন্ন ধৰণৰ খেতি কৰি আহিছে জান চাৰিঙীয়াই ।

agriculture
agriculture

By

Published : Dec 18, 2020, 6:48 PM IST

বিহপুৰীয়া, 18 ডিচেম্বৰ : পথাৰ আৰু বজাৰ দখলৰ চিন্তাৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে নাৰায়ণপুৰৰ এজন যুৱকে । যুৱক জনৰ নাম জান চাৰিঙীয়া । উচ্চ শিক্ষাৰে শিক্ষিত নাৰায়ণপুৰৰ ৰঙতিৰ যুৱকজনে চাকৰিৰ পাছত নৌদৌৰি কৃষিৰ সৈতে জড়িত হৈ পৰি বহিঃৰাজ্যৰ সামগ্ৰীৰে চলি থকা বজাৰখন দখল কৰাৰ চেষ্টা চলাইছে । সেই উদ্দেশ্যে আগত ৰাখিয়েই ২০০১ চনৰ পৰা একেৰাহে বৰ্তমানলৈকে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে বিভিন্ন ধৰণৰ খেতি কৰি আহিছে জান চাৰিঙীয়াই ।

পথাৰ আৰু বজাৰ দখলৰ চিন্তাৰে আগবাঢ়িছে জান চাৰিঙীয়া

এইবেলি প্রায় দহ বিঘা মাটিত উন্নতমানৰ কবি, বেঙেনা, বিলাহী, জলকীয়া, আলু আদি বিভিন্ন ধৰণৰ পাচলিৰ খেতি কৰিছে যুৱকজনে । পিতৃৰ আদৰ্শেৰে অনুপ্ৰাণিত যুৱ কৃষকজনে এই পৰ্যন্ত কৃষি বিভাগৰ পৰা কোনো ধৰণৰ সহায় লাভ কৰা নাই ৷ বছৰৰ প্ৰতিটো খেতিয়েই কৰা যুৱ কৃষকজনৰ ৰবি খেতি তলীৰ পৰা ইতিমধ্যে বজাৰত উলিয়াব পৰা হৈছে পাচলি । সম্পূৰ্ণ নিজা প্ৰচেষ্টাত গঢ়ি তোলা কৃষি ফাৰ্মখনৰ জৰিয়তে স্বাৱলম্বী হ’ব খোজা যুৱকজন এতিয়া বহুতৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে ।

বৰ্তমান সকলো ধৰণৰ শাক-পাচলিৰ খেতিৰ যোগেদি নিজকে স্বাৱলম্বী কৰি তুলিব পৰাৰ লগতে নাৰায়ণপুৰৰ বজাৰখনো দখল কৰিছে যুৱকজনে ৷ নতুন প্ৰজন্মক কৃষি কৰ্মৰ প্ৰতি আকৰ্ষিত হৈ নিজৰ বজাৰ নিজেই দখল কৰি গৌৰৱান্বিত হ'বলৈ যুৱকজনে আহ্বান জনাইছে ৷

লগতে পঢ়ক :অসম কৃষি বিশ্ববিদ্যালয়ত সংযোজন এনচিচি

ABOUT THE AUTHOR

...view details