লখিমপুৰ,৯ জুলাই :চলিত বছৰত ৰাজ্যৰ বহু যুৱক-যুৱতীয়ে নিষিদ্ধ সংগঠন আলফা(স্বা)ত যোগদান কৰাৰ খবৰ পোৱা গৈছে (Many youths from Assam joined ULFA I)। যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছতো আলফা(স্বা)ত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ইজনৰ পাছত সিজনকৈ যুৱকে যোগদান কৰিছে । অৱশ্যে ইয়াৰ মাজতে একাংশ যুৱক-যুৱতীয়ে নিষিদ্ধ সংগঠনক সমৰ্থন জনাই বিপদত পৰিছে (Youth arrested for posting in support of ULFA) । যোগদান কৰিবলৈ যোৱাৰ পথত বহু যুৱক-যুৱতীক আটক কৰাও হৈছে ।
ইয়াৰ মাজতে সামাজিক মাধ্যমত চোকা দৃষ্টি ৰাখিছে অসম আৰক্ষীয়ে । এইবাৰ আলফা(স্বা)ক সামাজিক মাধ্যমত সমৰ্থন জনাই বিপদত পৰিল লখিমপুৰৰ এজন যুৱক (Youth arrested for posting in support of ULFA on social media)। সামাজিক মাধ্যমত আলফাৰ সমৰ্থনক পোষ্ট দি গ্ৰেপ্তাৰ হ'ল লখিমপুৰ সদৰ থানাৰ এলেকাৰ পূৱ ছাগলীকটাৰ নিৰঞ্জন দলে ।