বিহপুৰীয়া,12 ফেব্ৰুৱাৰী: উন্নয়নৰ মুখ নেদেখা বিহপুৰীয়াৰ এখন গাঁও ৷ গাঁও খনত নাই যাতায়তৰ সু ব্যৱস্থা, নাই বিশুদ্ধ খোৱা পানী, শিক্ষাৰ কোনো পৰিৱেশ ৷ বছৰ বছৰ ধৰি চৰকাৰৰ অৱহেলাৰ বলি হৈ আহিছে নাৰায়নপুৰৰ যমন নগৰবাসীয়ে ৷
নিৰ্বাচন আহে নিৰ্বাচন যায় ৷ কিন্তু পৰিৱৰ্তনৰ মুখ নেদেখে গাঁওবাসীয়ে ৷ বিগত বিধানসভা নিৰ্বাচনত বিধায়ক দেৱানন্দ হাজৰিকাই ভোট বিচাৰি গৈ কেইটামান টকাৰে গাঁওখনত এখন বাঁহৰ দলং নিৰ্মাণ কৰিয়ে দায়িত্ব সামৰিলে ৷
উন্নয়ন বিচাৰি যমন নগৰবাসীৰ প্ৰতিবাদ 1932 চনতে স্থাপন হোৱা গাঁওখনত 28 টা পৰিয়ালৰ লোকে আজিলৈকে লাভ নকৰিলে কোনো চৰকাৰী আঁচনি ৷ ৰাস্তা ঘাটৰ অৱস্থাও তেনেই বেয়া ৷ পিছলা নৈৰ ওপৰত থকা এখন বাঁহৰ দলঙেই হৈছে গাঁওখনৰ যাতায়তৰ একমাত্ৰ উপায় ৷
কন কন শিশুসকলেও বাঁহৰ ভঙা দলঙেৰে কৰি আহিছে বিপদসংকুল যাত্ৰা ৷ উন্নয়নৰ ঢাক ঢোল বজোৱা শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে বৃহস্পতিবাৰে গাঁওখনৰ লোকসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ভঙা বাঁহৰ দলঙৰ সলনি যাতায়তৰ সু-ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় লোক সকলে ৷
লগতে পঢ়ক:অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তিনিদিনীয়া অসহযোগ কাৰ্য্যসূচী