লখিমপুৰ, ৯ ছেপ্টেম্বৰ :আত্মহত্যা মানৱ সমাজৰ এক ভয়ানক ব্যাধি (Suicide is terrible disorder of human society) । বিশ্বত বছৰি বুজন সংখ্যক লোকে বিভিন্ন কাৰণত আত্মহত্যাৰ দৰে অস্বীকৃত পন্থা বাছি লয় । এই মহাব্যাধি মানৱ সমাজৰ পৰা দূৰ কৰাৰ লক্ষ্যৰে প্ৰতিবছৰে বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰি অহা হৈছে ।
প্ৰতিবছৰে ১০ ছেপ্টেম্বৰত পালন কৰা হয় বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস (World suicide prevention day) । এইবাৰ এদিন আগতীয়াকৈ ৯ ছেপ্টেম্বৰত লখিমপুৰ কেন্দ্রীয় বিদ্যালয়ত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উদযাপন কৰা হৈছে । কাৰ্যসূচী উদ্বোধন কৰে লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱানে ।
উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশিষ্ট ব্যক্তিসকলে বিষয়টো সন্দৰ্ভত বক্তব্য ৰখাৰ লগতে ছাত্র-ছাত্রীসকলে সংশ্লিষ্ট বিষয়ৰ লগত সংগতি ৰাখি নৃত্য, গীত, নাটক আদি প্ৰদৰ্শন কৰে (World suicide prevention day in Lakhimpur) । বিদ্যায়তনিক অনুষ্ঠানত প্ৰথমবাৰৰ বাবে আয়োজিত এই দিৱসৰ কাৰ্যসূচীত বক্তব্য ৰাখি দি বক্তাসকলে আত্মহননৰ প্ৰৱণতা আৰু ইয়াৰ কাৰণসমূহ ফঁহিয়াই পৰ্যালোচনা কৰি মানসিক হতাশাক প্ৰশয় নিদিবলৈ আৰু বিশেষকৈ সন্তানৰ ক্ষেত্রত এই দিশত চকু ৰাখিবলৈ সকলোকে আহ্বান জনায় ।
উল্লেখ্য, 10 ছেপ্টেম্বৰত প্ৰতিবছৰে পালন কৰা বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস (WSPD) আন্তৰ্জাতিক আত্মহত্যা প্ৰতিৰোধ সংস্থা (International Association for Suicide Prevention)ৰ দ্বাৰা আয়োজন কৰা হয় আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা ই সমৰ্থিত (World Health Organization) । উক্ত কাৰ্যসূচীয়ে আত্মহত্যা প্ৰতিৰোধৰ ওপৰত মনোযোগ দিয়াৰ বাবে এক বিশ্বজনীন প্ৰতিশ্ৰুতিক প্ৰতিনিধিত্ব কৰে ।