অসম

assam

ETV Bharat / state

ঐতিহাসিক শতজান জলাশয়ত ৰোপণ গছপুলি - My Govt assam

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নাওবৈচাৰ ঐতিহাসিক শতজান জলাশয়ৰ পাৰত ৰোপণ গছপুলি ৷ পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি জিলা উন্নয়ন বিভাগে গ্ৰহণ কৰে এই প্ৰশংসনীয় পদক্ষেপ ৷

World environment day celebration naoboicha lakhimpur assam etv bharat news
ঐতিহাসিক শতজান জলাশয়ত ৰোপণ গছপুলি

By

Published : Jun 5, 2020, 8:54 PM IST

নাওবৈচা,5 জুন:প্ৰায় 500 বিঘা বিশাল ভূমিৰে আগুৰি থকা বিভিন্ন দেশী-বিদেশী আলহী পক্ষীৰ নিৰাপদ আশ্ৰয়স্থলী লখিমপুৰৰ ঐতিহাসিক শতজান জলাশয়ৰ পাৰত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস ৷ শতাধিক গছপুলি ৰোপণেৰে এই কাৰ্যসূচী ৰূপায়ণ কৰে জিলা উন্নয়ন বিভাগৰ লগতে পথ স্বেচ্ছাসেৱী সংগঠনে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাৰ লগতে জিলা উন্নয়ন আয়ুক্ত মনোজ বৰুৱা আৰু ‘My Govt assam’ৰ লখিমপুৰ জিলাৰ তত্বাৱধায়ক মিঠুৰঞ্জন দাস ৷ উক্ত কাৰ্যসূচীত নাওবৈচা প্ৰেছ ক্লাবৰ সাংবাদিকসকলৰ সৈতে বিজেপিৰ লখিমপুৰ জিলা অ’বিচি মৰ্চাৰ সভাপতি ডিম্বেশ্বৰ গগৈ, নাওবৈচা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জিত পাৱেৰসহ বহু কেইগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

শতজান জলাশয়ত ৰোপণ গছপুলি

ABOUT THE AUTHOR

...view details