নাওবৈচা, 5 জানুৱাৰী :সমগ্ৰ বিশ্বৰ লগতে মংগলবাৰে লখিমপুৰ জিলাৰ নাওবৈচা শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ উদ্যোগত বিশ্ব ব্ৰেইল দিৱস উদযাপন কৰা হয়(World Braille day celebrate at Naoboicha) ৷ নাওবৈচা সৰ্বাত্মক শিক্ষা বিভাগৰ অতিৰিক্ত সমল ব্যক্তি শ্যামন্ত বৰদলৈৰ সামগ্ৰিক পৰিকল্পনাৰে নাওবৈচা শিক্ষা খণ্ডৰ অধীনস্থ পানীগাঁও মজলীয়া বিদ্যালয়ৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে এই দিৱসটি পালন কৰা হয় ।
বিশেষকৈ দিব্যাংগ শিশু সকলৰ শাৰীৰিক-মানসিক-বৌদ্ধিক বিকাশৰ বাবে প্ৰত্যেক বছৰৰ ৪ জানুৱাৰীত বিশ্ব ব্ৰেইল দিৱসটি উদযাপন কৰা হয়(World Braille day celebrate at Naoboicha)৷ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে পানীগাঁও মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ন্ত গোপাল গোস্বামীয়ে । মহান ব্যক্তি লুইচ ব্ৰেইলৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে পানীগাঁও মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষিক বিনোদক বৰাই ।
ইয়াৰ পাছতে দিব্যাংগ শিশু সকলৰ মাজত স্বাস্থ্য পৰীক্ষা লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাও অনুষ্ঠিত হয় । বিয়লি পৰা অনুষ্ঠিত হোৱা সজাগতামূলক মুকলি সভাখন উদ্বোধন কৰে নাওবৈচা প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া অৰূপজ্যোতি ভূঞাই । সভাখনি উদ্বোধন কৰি শিক্ষা বিষয়া গৰাকীয়ে ভাষণ প্ৰসংগত লুইচ ব্ৰেইলৰ জীৱন দৰ্শন আলোকপাত কৰাৰ লগতে লুইচ ব্ৰেইলৰ ব্ৰেইল পদ্ধতিয়ে পৃথিৱীৰ বহু দৃষ্টিহীনক জীয়াই থকাৰ মৃৎসঞ্জীৱনী সুধা প্ৰদান কৰিলে বুলি মন্তব্য কৰে ।