সোৱণশিৰিৰ পাৰত এজাক মহিলাৰ প্ৰাৰ্থনা ! - খহনীয়া ৰোধৰ বাবে প্ৰাৰ্থনা
লখিমপুৰত সোৱণশিৰিৰ পাৰত এজাক মহিলাৰ প্ৰাৰ্থনা ৷ খহনীয়া ৰোধৰ বাবে ইশ্বৰক স্তুতি ৷
লখিমপুৰ, 14 চেপ্টেম্বৰ:নৈৰ সংহাৰৰ পৰা ৰক্ষা পাবলৈ ভগৱানৰ প্ৰাৰ্থনাই একমাত্ৰ সাৰথি হৈ ৰৈছে নিচলা ৰাইজৰ ৷ শুক্ৰবাৰে লখিমপুৰৰ সোৱণশিৰি নৈৰ পাৰত একাংশ মহিলাই ধূপ-চাকি জ্বলাই খহনীয়া ৰোধৰ বাবে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয় ৷ খহনীয়াত জাহ যাওঁ যাওঁ হৈ থকা বুঢ়ী আই থানৰ কুশল কামনা আৰু নৈৰ সংহাৰ ৰোধৰ বাবে ৰাইজে এইদৰে আঁঠু লয় ভগৱানৰ চৰণত ৷ জলসম্পদ বিভাগেও আজি পৰ্যন্ত খহনীয়া ৰোধৰ বাবে কোনো স্থায়ী ব্যৱস্থা নোলোৱাৰ অভিযোগ। জলসম্পদ বিভাগৰ বিৰুদ্ধে কেইডালমান বাঁহেৰে বৃহত্তৰ তেলিয়া পথাৰৰ খহনীয়া ৰোধৰ চেষ্টা চলাই দায়িত্ব সামৰা বুলি অভিযোগ তুলিছে ৰাইজে ।