লখিমপুৰ, 3 নৱেম্বৰ: ফ্লাইবিগৰ দৰে হ’বগৈনে কি এলায়েন্স এয়াৰৰ বিমান সেৱা (Will Alliance Air continue its service) । সন্দিহান লখিমপুৰৰ ৰাইজ তথা সংগঠন । উল্লেখযোগ্য যে, বিগত বৰ্ষৰ ২১ নবেম্বৰত লখিমপুৰৰ লীলাবাৰী আৰু গুৱাহাটীৰ বিমান বন্দৰৰ (Flight service between Barjhar and Lilabari) মাজত আৰম্ভ হৈছিল ৭২ খন আসন বিশিষ্ট ফ্লাইবিগৰ এখন যাত্রীবাহী বিমানৰ সেৱা ।
মাত্র ন শ টকাতে যাত্রী সকলে অহা যোৱা কৰিব পাৰিছিল । বিমানখনৰ প্ৰথমটো উৰণতে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা (MP Pradan Baruah), বিধায়ক মানৱ ডেকাসহ (MLA Manab Deka) আদি যাত্রী হৈছিল । কম ভাড়াতে লখিমপুৰৰ পৰা ৰাজধানী মহানগৰলৈ আকাশী পথেৰে কম সময়তে যাতায়ত কৰিবলৈ পাই ৰাইজে সন্তোষ প্রকাশ কৰিছিল (Flight Service from Lilabari airport) ।
বিমানখনক লৈ ৰাইজে বহু আশা কৰিছিল ৷ পিছে ৰাইজৰ মোহ ভংগ হ'বলৈ বেছি দিন নালাগিল। বিমানখনৰ সেৱা আৰম্ভ হোৱাৰ দুমাহমানৰ পাছতে বিমানখন বন্ধ কৰি দিয়া হ’ল । তেতিয়াৰ পৰা নিতৌ লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰৰ পৰা কলকতালৈ মাথো এলায়েন্স এয়াৰৰ এখন বিমানৰ চলাচল অব্যাহত আছে ।
শেহতীয়াকৈ লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰৰ পৰা কেইবাখনো নতুন বিমান সেৱা মুকলি কৰা হৈছে । বিগত ৩০ অক্টোবৰৰ দিনা দিল্লীৰ পৰা ভাৰ্চুৱেলী এই সেৱা উদ্বোধন কৰে কেন্দ্রীয় অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই (Union Civil Aviation Minister Jyotiraditya Scindia) ।