অসম

assam

ETV Bharat / state

লখিমপুৰ-মাজুলী-গুৱাহাটী সংযোগী হেলিকপ্টাৰ সেৱা বাস্তৱ হ’ব নে ? - majuli guwahati connecting helicopter service

কেৱল প্ৰতিশ্ৰুতিয়েই হৈ থাকিব নেকি লখিমপুৰৰ পৰা মাজুলী হৈ গুৱাহাটী সংযোগী হেলিকপ্টাৰ সেৱা ? চলিত বৰ্ষৰ জানুৱাৰীৰ পৰাই এই সেৱা মুকলি হোৱাৰ কথা আছিল যদিও বৰ্তমানেও মুকলি হোৱা নাই এই সেৱা ৷

when-will-lakhimpur-majuli-guwahati-connecting-helicopter-service-be-launched
কেতিয়া মুকলি হ'ব লখিমপুৰ-মাজুলী-গুৱাহাটী সংযোগী হেলিকপ্টাৰ সেৱা !

By

Published : Sep 12, 2021, 5:38 PM IST

লখিমপুৰ,12 ছেপ্টেম্বৰ : মাজুলীত শনিবাৰৰ পৰা ৰ'-পেক্সৰ ইঞ্জিনৰ চকৰি ঘূৰিল ৷ পিছে নুঘূৰিল পূৰ্বঘোষিত হেলিকপ্টাৰ সেৱাৰ পাংখা ৷ যোৱা 8 ছেপ্টেম্বৰৰ বিয়লি নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পাছৰে পৰা যাতায়াতৰ ক্ষেত্ৰত সাধাৰণ ৰাইজ বঞ্চনা হোৱাৰ বিভিন্ন দিশ উন্মোচিত হৈছে ৷ দীর্ঘ দিন ধৰি কাৰোবাৰ স্বাৰ্থৰ বাবে পেলাই ৰখা অত্যাধুনিক ৰ'-পেক্স সেৱা ইচ্ছাকৃত ভাৱে বন্ধ কৰি ৰখা হৈছিল ৷

কেতিয়া মুকলি হ'ব লখিমপুৰ-মাজুলী-গুৱাহাটী সংযোগী হেলিকপ্টাৰ সেৱা !

নিমাতীৰ শোকাৱহ ঘটনাই সৃষ্টি কৰা পৰিস্থিতিৰ তাগিদাত শৱনিবাৰৰ পৰা ৰ'-পেক্স সেৱা পুনৰ আৰম্ভ কৰা হৈছে ৷ এনে সময়তে পুনৰ চৰ্চালৈ আহিছে আকাশী পথ সেৱাৰ আন এক প্ৰসংগ ৷ চলিত বৰ্ষৰ আৰম্ভণিৰ পৰাই লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰৰ পৰা মাজুলীক সংযোগ কৰি গুৱাহাটী লৈ যাত্ৰীবাহী হেলিকপ্টাৰ সেৱা আৰম্ভ কৰাৰ কথা আছিল ৷

তাৰ বাবে মাজুলীত হেলিপেডো নিৰ্মাণ কৰা হৈছিল ৷ ব্ৰহ্মপুত্ৰ এভিয়েচনৰ উদ্যোগত এই সেৱাৰ কাম আগবাঢ়িছিল ৷ যাৰ বাবে ৰাইজ হৈ পৰিছিল অত্যুৎসাহী ৷ বিশেষকৈ জৰুৰী যোগাযোগৰ ক্ষেত্ৰত এই সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছিল ৷

পিছে আজিও আৰম্ভ নহ’ল এই হেলিকপ্টাৰ সেৱা ৷ বিগত নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক নেতাৰ বহু হেলিকপ্টাৰে মাজুলীৰ হেলিপেডত উৰণ-অৱতৰণ কৰিলে ৷ কিন্তু ঘোষণা কৰাৰ পাছতো সাধাৰণ লোকৰ বাবে এই সেৱা আজিও প্ৰৱৰ্তন নহ’ল ৷ যাৰ বাবে বিভিন্ন দল-সংগঠনে ৰ'-পেক্স সেৱাৰ উপৰি পূৰ্বঘোষিত যাত্ৰীবাহী হেলিকপ্টাৰ সেৱা অচিৰেই আৰম্ভ কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়কঃমাজুলীৰ ফেৰীঘাটত যাত্ৰীৰ অভাৱনীয় ভীৰ

ABOUT THE AUTHOR

...view details