লখিমপুৰ,১৪ মে':যোৱা ফেব্রুৱাৰী মাহত উদ্বোধন কৰা হৈছিল লখিমপুৰ মেডিকেল কলেজ(Lakhimpur Medical College was inaugurated in February) । বিতৰ্কই লগ নেৰা হৈছে চিকিৎসা মহাবিদ্যালয়খনক(Lakhimpur Medical College in controversy) । উদ্বোধনৰ দুমাহৰ পাছৰে পৰা চৰ্চাৰ কেন্দ্র বিন্দু হৈ পৰিছিল এই কলেজখন । কেইদিনমানৰ আগতে কলেজ খনৰ দেৱালত ফাট মেলিবলৈ লোৱা ঘটনাই ৰাইজৰ মাজত প্ৰতিক্ৰিয়া ৰ সৃষ্টি কৰিছিল । এইবাৰ চিকিৎসা মহাবিদ্যালয়খনৰ ভিতৰত সোমাল পানী ।
উদ্বোধনৰ তিনিমাহ নহওতেই দেৱালত ফাট মেলাৰ পাছত এটিয়া ভিতৰত একাঠু পানী । এই লৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণত বিসংগতি ৰ অভিযোগ উঠিছে । ৫০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয় খনৰ ভিতৰত এইবাৰ সোমাল বৰষুণৰ পানী ।