নাওবৈচা, ২০ ডিচেম্বৰ : বন বিভাগৰ ওপৰত আস্থা হেৰুৱাইছে লখিমপুৰৰ নাওবৈচাৰ ঢেকিয়াজুলিবাসীয়ে । জাকে জাকে বন্যহস্তীয়ে অঞ্চলটোত উপদ্ৰৱ চলাই অহাৰ পাচতো বন বিভাগৰ লোকে হাতী খেদোৱাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । বন বিভাগেও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া আতংকিত হৈ পৰিছে ঢেকিয়াজুলিবাসী(Man Elephant conflict in DhekiaJuli) ।
উপায়হীন হৈ এতিয়া ৰাইজে বন্যহস্তীৰ ত্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা জনাইছে নেদেখাজনৰ ওচৰত(Villagers offers puja to get rid of elephant) ।সোমবাৰে পুৱা সমগ্ৰ অঞ্চলৰ ৰাইজ একত্ৰিত হৈ হস্তী পূজা আগবঢ়ায় । জানিব পৰা মতে, অসম-অৰুণাচলৰ সীমান্তৱৰ্তী ৰঙা সংৰক্ষিত বনাঞ্চলৰ(Ronga reserve forest in Assam Arunchal border) পৰা খাদ্যৰ সন্ধানত প্ৰতি দিনে নামি আহে জাকে জাকে বনৰীয়া হাতী । বনহস্তীয়ে সমগ্ৰ অঞ্চলটোতে উপদ্ৰৱ চলায় ।
ফলত উজাগৰে নিশা কটাবলৈ বাধ্য হৈছে নাওবৈচাৰ ঢেকিয়াজুলিবাসীয়ে । বনৰীয়া হাতীয়ে বাসগৃহ-ভঁৰাল আদি ভাঙি টহিলং কৰাৰ লগতে গছ-গছনি আৰু বাৰীৰ বিভিন্ন শস্যও নষ্ট কৰি আহিছে ।