অসম

assam

ETV Bharat / state

বিধানসভা নিৰ্বাচনত লখিমপুৰত সমূহীয়াকৈ ভোট বৰ্জন কৰিব 25 খন গাঁৱৰ ৰাইজে - সাংসদ প্ৰদান বৰুৱা

লখিমপুৰত 25 খন গাঁৱৰ প্ৰতিবাদ ৷ উপাযুক্তৰ কাৰ্যালয়ৰ তলা বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ যদিহে তেওঁলোকৰ সমস্যা সমাধান নকৰে তেতিয়াহ'লে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷

villagers-massive-protest-in-lakhimpur
বিধানসভা নিৰ্বাচনত লখিমপুৰত সমূহীয়াকৈ ভোট বৰ্জন কৰিব 25 খন গাঁৱৰ ৰাইজে

By

Published : Feb 2, 2021, 10:04 PM IST

নাওবৈচা, 2 ফেব্ৰুৱাৰী : সুদীৰ্ঘ বছৰে আন্দোলন তথা বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰাৰ পিচতো স্থায়ী সমাধান নহ'ল নাওবৈচাৰ গেলাহাটী অঞ্চলৰ ভয়াৱহ বান সমস্যা । গেলাহাটীবাসীৰ বাবে শিঙৰা উভতনি বান অভিশাপ স্বৰূপ হৈ পৰাৰ বান সমস্যাক লৈ যোৱা 25 টা বছৰে বহু ৰাজনীতি হ‘ল । গেলাহাটীত শিঙৰা কালৰূপী উভতনি বানে গেলাহাটী-গোসাঁনীবাৰীকে ধৰি 25-30 খন গাঁৱৰ সহস্ৰাধিক পৰিয়ালৰ জীৱন-জীৱিকা নিঃশেষ কৰাৰ পাছত এই বানে ৰাষ্ট্ৰীয় পৰ্যায়ত বাতৰি দখল কৰিবলৈ সক্ষম হৈছিল; কিন্তু এই পৰ্যন্ত বৃহত্তৰ অঞ্চলবাসীৰ বান সমস্যাৰ স্থায়ী সমাধান নহ'ল ।

কোনো এখন চৰকাৰেই গেলাহাটীৰ বান সমস্যাৰ সমাধানৰ বাবে বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ বা কি কাৰণত বিগত 25 টা বছৰে শিঙৰাৰ সংহাৰী বানে গেলাহাটীত ধাৰাবাহিকভাৱে তাণ্ডৱ চলোৱা হ'ল, তাৰ বাবেও আজিলৈকে কোনো ধৰণৰ গৱেষণা কৰা নহ'ল । শিঙৰা নদীৰ প্রলয়ংকাৰী বানে এতিয়ালৈকে অঞ্চলটোৰ 30 খনতকৈ অধিক ৰাজহগাঁওৰ 5525 বিঘা কৃষিভূমি জলাশয়ত পৰিণত কৰি হাজাৰ হাজাৰ কৃষক পৰিয়ালৰ কৃষি অৰ্থনীতি চাৰখাৰ কৰি পথৰ ভিক্ষাৰীলৈ পৰ্যবসিত কৰিলে ।

ভুক্তভোগী ৰাইজৰ মন্তব্য

লগতে পঢ়ক :বিজেপিক দেশৰ ইতিহাস পঢ়িবলৈ আহ্বান ৰিপুন বৰাৰ

বৃহত্তৰ অঞ্চলটোৰ বাবে অভিশাপৰ কলীয়া ডাৱৰ কঢ়িয়াই অনা শিঙৰা বান সমস্যাটো সমাধানৰ বাবে 2017 চনত তদানীন্তন ৰাজ্যপাল গৰাকীয়ে অঞ্চলটোলৈ আহি বান সমস্যাৰ সমাধানৰ বাবে লখিমপুৰৰ জিলা প্ৰশাসনক নিৰ্দেশ দিছিল যদিও আজিলৈকে কোনো ধৰণৰ কাম নহ'ল ।

কংগ্ৰেছ চৰকাৰৰ পতন আৰু বিজেপি চৰকাৰ আগমনৰ লগে লগে 25 বছৰে শিঙৰা সংহাৰী বানত নিঃশেষ হোৱা অঞ্চলবাসীৰ ভাগ্যোদয় ঘটিল বুলি আশা কৰিছিল । কিন্তু ৰাইজে গেলাহাটীৰ বান সমস্যাটো সমাধানৰ বাবে বিভিন্ন প্রতিবাদ, বিভিন্ন গণতান্ত্রিক আন্দোলন কৰি দিল্লী-দিছপুৰ কঁপাই তােলাৰ পিচতো সংগ্রামী ৰাইজৰ আবেগ-অনুভুতিক কোনো গুৰুত্ব প্ৰদান নকৰিলে এসময়ত লখিমপুৰ সংসদীয় সমষ্টিৰ পৰা সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰা লগতে বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

আনহাতে, বৰ্তমানৰ সাংসদ প্ৰদান বৰুৱাই গেলাহাটী অঞ্চললৈ কেইবাৰো আহি বান ক্ষতিগ্ৰস্ত স্থানসমূহ পৰিদর্শন কৰি বান সমস্যাটো সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও ৰাজনৈতিক লাভালাভ হোৱাৰ পিচত বান সমস্যাটোৰ প্ৰতি গুৰুত্ব নিদিয়া হ'ল । ইফালে, বান সমস্যাটো আজিৰ তাৰিখলৈকে বিভাগৰ ফাইলতে আবদ্ধ হৈ থাকিল । সেয়েহে বৃহত্তৰ অঞ্চলবাসীৰ বাবে জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা গেলাহাটীৰ বান সমস্যাটো খৰালিতে বিজ্ঞানসন্মতভাৱে সমাধান কৰাৰ দাবীৰে মঙলবাৰে তিনি শতাধিক বানবিধস্ত ৰাইজে নাওবৈচা ৰাজহ চক্ৰ কাৰ্যালয় ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ।

লগতে পঢ়ক :প্ৰতিৰক্ষা বিভাগত 4.78 লাখ কোটি টকা ধাৰ্য 2021-22 বৰ্ষৰ বাজেটত

বানবিধস্ত ৰাইজে বিধায়ক ইমদাদুল হক চৌধুৰী মুর্দাবাদ, সাংসদ প্ৰদান বৰুৱা গ' বেগ, অসম চৰকাৰ হাই হাই, বান সমস্যা সমাধান কৰক, আমাক জীয়াই থাকিবলৈ দিয়ক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদী বানবিধস্ত ৰাইজে ৰাজহ চক্ৰৰ কাৰ্যালয় দৰ্জা খিৰিকী বন্ধ কৰি কাৰ্যালয়ৰ কামকাজ বন্ধ কৰি দিয়ে ।

যদিহে খৰালিৰ ভিতৰতে সিঙৰা বান সমস্যা সমাধান নকৰে তেনেহলে 10 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্র প্ৰতিবাদ সাব্যস্ত কৰিব । ইয়াৰ পিচতো যদি চৰকাৰে বান সমস্যাটো সমাধানৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে বানবিধস্ত 25 খন গাঁৱৰ ৰাইজে সমাগত বিধানসভা নিৰ্বাচনত সমূহীয়াকৈ ভোট বৰ্জন কৰাৰ লগতে গাঁওসমূহত কোনো ৰাজনৈতিক দলৰ নেতাক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক :ৰাজগড় ব্যৱসায়ী সন্থাৰ “এই মাহৰ অতিথি” অনুষ্ঠানৰ শুভাৰম্ভ

ABOUT THE AUTHOR

...view details