লখিমপুৰ, ৮ জানুৱাৰী :ভোগালী বিহু আহি পদূলিমুখত ৷ ভোগৰ বতৰত এসাঁজ লগেভাগে খোৱাৰ মানসেৰে ৰাইজ সাজু হৈছে । হেঁপাহৰ ভোগালীৰ বতৰত জ্বলিব মেজিৰ জুই (Meji preparation in Assam)। এই মাঘ বিহুৱে সকলোলৈ কঢ়িয়াই আনিব শান্তি-সম্প্ৰীতি তথা ঐক্যৰ বতৰা । কঙালীৰ পাছত সমৃদ্ধিৰ বতৰা লৈ অহা ভোগালী বিহুৰ বাবে সকলোৰে মাজত যেন চলিছে অঘোষিত প্ৰতিযোগিতা ।
ৰাজ্যৰ চৌদিশে এতিয়া ভোগালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে (Bhogali Bihu preparation in Assam) । উৰুকাৰ নিশা লগে ভাগে মাছে-মঙহে উদৰ পুৰাই এসাজ খাই বিহুৰ দিনা পূৱা অগ্নি প্ৰজ্বলিত কৰিবলৈ সাজু হৈছে (Bhogali Bihu 2023)। অগ্নি প্ৰজ্বলিত ধ্বনিৰে মেজিক সেৱা কৰি জুইৰ উম ল'বলৈ প্ৰস্তুতি চলাইছে ৰাইজে । মেজিৰ জুইত সমাজৰ অসুয়া-অশান্তি আঁতৰ কৰাৰ সংকল্প লোৱাৰ হেঁপাহৰ ভোগালীৰ আনন্দত উটি ভাহি যাবলৈ তৰণি নোহোৱা হৈছে ৰাইজৰ ।
মেজিৰ সমানে আকৰ্ষণীয় ৰূপত ভেলাঘৰ সজাত উবুৰি খাই পৰিছে ষুৱক-যুৱতীৰ পৰা আবাল বৃদ্ধ-বনিতা । ৰাজ্যৰ অন্যান্য ঠাইৰ দৰে লখিমপুৰতো চলিছে ভোগালী উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি । আন ঠাইত ভেলাঘৰ নিৰ্মাণ কৰাৰ দৰে লখিমপুৰতো চলিছে আকৰ্ষণীষ ভেলাঘৰ নিৰ্মাণৰ প্ৰস্তুতি । জিলাখনৰ তেলাহী যুৱ সমাজৰ সৌজন্যত ভোগালী উৎসৱ উদযাপনৰ বাবে বাঁহপাতি পুৰণি গাঁৱত ভেলাঘৰ নিৰ্মাণৰ প্ৰস্তুতি চলোৱা হৈছে । ৰাইজে নিৰ্মাণ কৰি আছে ৭০ ফুট উচ্চতাৰ লণ্ডন ব্ৰীজ আৰ্হিৰ ভেলাঘৰ (Velaghar on pattern of London Tower Bridge)।