অসম

assam

ETV Bharat / state

মাধৱদেৱৰ জন্মস্থানত ৰাজ্যিক ভিত্তিত ভাওনা সমাৰোহৰ আয়োজন

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত বুধবাৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজ্যিক ভিত্তিত অংকীয়া ভাওনা সমাৰোহ আৰম্ভ হৈছে । এক প্ৰকাৰ দ্বিতীয় বৈকুণ্ঠপুৰীসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে মহাপুৰুষ গুৰুজনাৰ জন্মস্থান লেটেকু পুখুৰীত ।

By

Published : Jan 27, 2021, 10:26 PM IST

vauna-samaruh
মাধৱদেৱৰ জন্মস্থানত ৰাজ্যিক ভিত্তিত ভাওনা সমাৰোহ আয়োজন

বিহপুৰীয়া, 27 জানুৱাৰী : বঢ়াৰপো মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত বুধবাৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজ্যিক ভিত্তিত অংকীয়া ভাওনা সমাৰোহ আৰম্ভ হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ সমাগমেৰে চৌদিশ মুখৰ হৈ পৰিছে । এক প্ৰকাৰ দ্বিতীয় বৈকুণ্ঠপুৰীসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে মহাপুৰুষ গুৰুজনাৰ জন্মস্থান লেটেকু পুখুৰীত ।

কাৰ্যসূচী অনুসৰি বুধবাৰে পুৱাৰ ভাগত ঊষা কীৰ্ত্তন, পৰিৱেশ সজ্জাৰ পিছতে নৱনিৰ্মিত নাট ঘৰৰ গুৰু আসন প্ৰতিষ্ঠা কৰে তিতাবৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ভৱকান্ত দেৱগোস্বামীয়ে । পুৱা ৯ বজাৰ অনুষ্ঠিত হয় লেটেকুপুখুৰীৰ নামাচাৰ্য্য বলোৰাম বৰগায়নৰ দ্বাৰা নাম প্ৰসংগৰ সমান্তৰালকৈ সমাৰোহৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে ৷ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে কাৰ্বি আংলঙৰ লক্ষীমন সংঘৰ কাৰ্বি ধৰ্ম গুৰু বলৰাম ফাংচুয়ে । ইয়াৰ পিছতে উদযাপন সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ জনাৰ্দনদেৱ গোস্বামীৰ সঞ্চালনাত অনুস্থিত হোৱা সন্ত সন্মিলনখন উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাই ।

মাধৱদেৱৰ জন্মস্থানত ৰাজ্যিক ভিত্তিত ভাওনা সমাৰোহ আয়োজন

উক্ত সন্ত সন্মিলনত অংশগ্ৰহণ কৰে ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা অহা সত্ৰাধিকাৰ আৰু জনজাতীয় ধৰ্ম গুৰু সকলে । ইয়াৰ পিছতে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ লগতে ৰাজ্যৰ বিভিন্ন সত্ৰৰ পৰা অহা সত্ৰাধিকাৰ সকলে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ কাল্পনিক প্ৰতিচ্ছবি অংকনৰ শুভ উন্মোচন কৰে । উল্লেখ্য যে, শংকৰদেৱ কলাক্ষেত্ৰৰ শিল্পী সমাজৰ সাতজনীয়া এটা শিল্পীৰ দলৰ দ্বাৰা মাধৱদেৱ গুৰুদুজনাৰ এই কাল্পনিক চিত্ৰ অংকনৰ শুভাৰম্ভ কৰা হয় । এই অংকিত চিত্ৰসমূহৰ পৰাই পৰৱৰ্তী সময়ত এখন চিত্ৰ নিৰ্বাচিত কৰা হ'ব আৰু উক্ত চিত্ৰ খনৰ আধাৰত মাধৱদেৱ জন্মস্থানত নিৰ্মাণ কৰা হ'ব এটা স্থায়ী প্ৰতিমূৰ্তি । বিয়লি অকাডেমী বঁটাপ্ৰাপক হৰিচৰণ ভূঞা বৰবায়নে গায়ন-বায়ন সমাৰোহ উদ্বোধন কৰাৰ পিছতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে উন্মোচন কৰে ভাওনা সমাৰোহ উপলক্ষ্যে প্ৰকাশিত স্মৃতি গ্ৰন্থ ৰঙ্গকেলি । সন্ধিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ প্ৰথমে গুৰুজনাৰ জন্মস্থান লেটেকুপুখুৰীৰ মুল কীৰ্ত্তন ঘৰত সেৱা লয় ।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে নতুনকৈ নিৰ্মাণ হ'ব লগা কীৰ্ত্তন ঘৰৰ মণিকূট গৃহৰ আধাৰশিলা স্থাপন কৰাৰ পিছতে নাটঘৰত অনুস্থিত হোৱা ভাওনা সমাৰোহৰ মুল কাৰ্যসূচী অংকীয়া ভাওনাৰ শুভ উন্মোচন কৰাৰ লগতে ভাওনা উপভোগ কৰে ।

লগতে পঢ়ক: শিৱসাগৰত স্বয়ম আঁচনি শুভাৰম্ভ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই

ABOUT THE AUTHOR

...view details