বিহপুৰীয়া,6 নৱেম্বৰ: নামঘৰৰ মজিয়াৰ পৰা এণ্ড্ৰইডৰ এপ্লিকেচনলৈ অসমীয়া সংস্কৃতিৰ বাহক ভাওনাৰ স্বৰ্ণময় যাত্ৰা ৷ এতিয়াৰে পৰা এণ্ড্ৰইড এপ্লিকেচনত উপলব্ধ হ'ব ভাওনা ৷ বৃহস্পতিবাৰে নাৰায়ণপুৰ প্ৰেচ ক্লাৱত মুকলি কৰা হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি ভাওনা উপভোগ কৰিব পৰাকৈ "ভাওনা"(VAUNA) নামৰ এটা এপ্লিকেচন ৷ এপ্লিকেচনটো প্ৰস্তুত কৰি উলিয়াইছে তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰত নাৰায়ণপুৰৰ ধ্ৰুৱজ্যোতি বৰুৱা নামৰ এগৰাকী ইঞ্জিনীয়ানিং ছাত্ৰই ৷ নাৰায়ণপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত উন্মোচনী সভাত এপ্লিকেচনটো উন্মোচন কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দিবাকৰ চন্দ্ৰ ডেকাই ৷
হাতৰ মুঠিতে উপলব্ধ হ'ল গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা - মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দিবাকৰ চন্দ্ৰ ডেকা
ভাওনা"(VAUNA) নামৰ এটা এপ্লিকেচনৰ জড়িয়তে এতিয়া প্ৰতিজন লোকে উপভোগ কৰিব পাৰিব ভাওনা ৷ এই ম'বাইল এপ্লিকেচনটো প্ৰস্তুত কৰি উলিয়াইছে তেজপুৰ বিশ্ববিদ্যালয়ৰ এগৰাকী ইঞ্জিনীয়ানিং ছাত্ৰই ৷
উল্লেখ্য যে, অসমৰ ভাওনা সংস্কৃতি নামৰ এটা ফেচবুক পেজৰ জৰিয়তে দীৰ্ঘদিনৰে পৰা ভাওনা সম্প্ৰচাৰ কৰি আহিছে ধ্ৰুৱজ্যোতি বৰুৱাই ৷ ভাওনাক বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ছাত্ৰজনে প্ৰস্তুত কৰা এপ্লিকেচনটোত এতিয়াৰে পৰা উপলব্ধ হ’ব ভাওনাৰ পাণ্ডুলিপি,পৰম্পৰাগত সত্ৰীয়া অংকীয়া ভাওনা,প্ৰৱন্ধ আৰু বিভিন্ন ঠাইৰ ভাওনাৰ পোনপটীয়া প্ৰচাৰ,দৃশ্যাংশৰ লগতে প্ৰদৰ্শিত ভাওনাসমূহ ৷ যুৱক জনক এই ক্ষেত্ৰত আৰ্থিক ভাৱে সহায় কৰিছে চৰাইদেউৰ কেশৱ গগৈ নামৰ ব্যক্তিগৰাকীয়ে ৷
লগতে পঢ়কঃচুতীয়া জনগোষ্ঠীৰ ঐতিহাসিক সমল সংৰক্ষণৰ উদ্দেশ্যে মৰাণত সংগ্ৰহালয় মুকলি