অসম

assam

ETV Bharat / state

শেহতীয়া পৰিস্থিতিত শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে আঁতৰ কৰা নহয় উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী - Lakhimpur

ৰাজ্যৰ তিনিখন বিশ্ববিদ্যালয় ক্ৰমে ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা বৰ্তমান পৰিস্থিতিত আঁতৰোৱা নহয় উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী । মঙলবাৰে টুইটাৰযোগে এই কথা জনাইছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

University students seek retain HS section
University students seek retain HS section

By

Published : Jun 16, 2020, 7:31 PM IST

গুৱাহাটী, ১৬ জুন :ৰাজ্যৰ তিনিখন বিশ্ববিদ্যালয় ক্ৰমে ভট্টদেৱ বিশ্ববিদ্যালয়,ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা বৰ্তমান পৰিস্থিতিত আঁতৰোৱা নহয় উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী । মঙলবাৰে টুইটাৰযোগে এই কথা জনাইছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । কৰ'ণা ভাইৰাছৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে এই বিশেষ ব্যৱস্থা কৰা হৈছে বুলি টুইটাৰত উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

শেহতীয়া পৰিস্থিতিত শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে আঁতৰ কৰা নহয় উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী

আনহাতে, তিনিখন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক শাখা আঁতৰাই দিয়া হ'ব বুলি ঘোষণা কৰাৰ পিছতে অনিশ্চয়তাত ভুগিছিল ছাত্ৰ-ছাত্ৰীসকল । তাৰ পিছতে মন্ত্ৰী গৰাকীৰ এই ঘোষণাই স্বাভাৱিকতে সুখী কৰিছে শিক্ষাৰ্থী সকলক ।

শেহতীয়া পৰিস্থিতিত শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে আঁতৰ কৰা নহয় উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী

জানিব পৰা অনুসৰি,নাৰায়ণপুৰৰ মৃগাংক দত্ত নামৰ এজন যুৱ সাংবাদিকে এই সন্দৰ্ভত শিক্ষা মন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আঁতৰাই দিয়াত উক্ত অঞ্চলৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা নথকাত ছাত্ৰ ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছিল। সেই কথা অৱগত কৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা মুকলি কৰিবলৈ আহ্বান জনাইছিল শিক্ষা মন্ত্ৰীক ।

লগতে পঢ়ক : বদৰপুৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details