অসম

assam

ETV Bharat / state

নাৰায়ণপুৰত উদ্ধাৰ অচিনাক্ত বন্যপ্ৰাণী

পথৰ দাঁতিৰ পৰা উদ্ধাৰ অচিনাক্ত বন্যপ্ৰাণীটো ৷ এই পৰ্যন্ত চিনাক্ত কৰিব নোৱৰা বন্যপ্ৰাণীটোৰ সম্পৰ্কত অৱগত কৰা হৈছে হাৰমতী বন সংমণ্ডলক ৷ বন বিভাগৰ লোক এতিয়ালৈকে আহি নোপোৱাৰ লগতে অচিনাক্ত বন্যপ্ৰাণীটোক লৈ উৎসুকতা বৃদ্ধি পাইছে গাঁওবাসীৰ মাজত  ৷

By

Published : Apr 19, 2019, 10:05 AM IST

অচিনাক্ত বন্যপ্ৰাণী উদ্ধাৰ

বিহপুৰীয়া, 19 এপ্ৰিল : লখিমপুৰৰ নাৰায়ণপুৰৰ তাঁতিবাহাৰত নিশা উদ্ধাৰ এটা অচিনাক্ত বন্যপ্ৰাণী ৷ মোহন বৰা নামৰ এগৰাকী ব্যক্তিয়ে পথৰ দাঁতিত দেখা পাই উদ্ধাৰ কৰে অচিনাক্ত বন্যপ্ৰাণীটো ৷ পৰৱৰ্তী সময়ত বন্যপ্ৰাণীটো গড়ালত আৱদ্ধ কৰি ৰাখে লোকজনে ৷

অচিনাক্ত বন্যপ্ৰাণী উদ্ধাৰ

এই পৰ্যন্ত চিনাক্ত কৰিব নোৱৰা বন্যপ্ৰাণীটোৰ সম্পৰ্কত অৱগত কৰা হৈছে হাৰমতী বন সংমণ্ডলক ৷ বন বিভাগৰ লোক এতিয়ালৈকে আহি নোপোৱাৰ লগতে অচিনাক্ত বন্যপ্ৰাণীটোক লৈ উৎসুকতা বৃদ্ধি পাইছে গাঁওবাসীৰ মাজত ৷

ABOUT THE AUTHOR

...view details