লখিমপুৰ,২৭ মে': পুনৰ ৰাজ্যৰ যুৱক যুৱতী ধাৱমান হৈছে আলফা(স্বাঃ)ৰ প্ৰতি(Many young people are attracted to ULFA) । এই ক্ষেত্ৰত বাধা দিবলৈ কঠোৰ হৈছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন(Assam police strict on preventing ULFA joining) । সামাজিক মাধ্যমতো চোকা নজৰ প্ৰশাসনৰ । নিষিদ্ধঘোষিত সংগঠনটোৰ সমৰ্থত কোনো ধৰণৰ লিখনি দেখা পালেই তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীয়ে । এইবাৰ সামাজিক মাধ্যমত আলফা সমৰ্থিত প'ষ্ট দি আৰক্ষীৰ জালত পৰিল লখিমপুৰৰ এজন যুৱক ।
লখিমপুৰ নগৰ এলেকাৰ নকাৰী নিবাসী ভাইটি আলিৰ পুত্র ২৭ বছৰীয়া ফাৰুক আলী ওৰফে বীৰুভাই নামৰ যুৱকজনে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল আলফা সমৰ্থিত এক পোষ্ট । ফাৰুকে আলফাত যোগদান কৰিম বুলি প্ৰকাশ কৰিছিল সামাাজিক মাধ্যমত । সেয়েহে সামাজিক মাধ্যমত আলফাত যোগদান কৰিম বুলি প্ৰকাশ কৰাৰ লগতে আনকো উচতনি দিয়াৰ অভিযোগত যুৱকজনক বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।